নিউজ ডেস্ক: গৃহ প্ৰৱেশৰ বাবে অহা ১৩ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । প্রধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনত নিৰ্মাণ হোৱা গৃহত একেলগে ৩ লাখতকৈ অধিক লোক প্ৰৱেশ কৰিবলৈ সাজু হৈছে।

এক সংবাদমেলযোগে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয়ভাৱে এই গৃহ প্ৰৱেশ কাৰ্যসূচী উদ্বোধন কৰিব। উক্ত দিনা দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী মুকলি কৰিব আৰু ১১-৩০ বজাত অঞ্চলে অঞ্চলে সাংসদ, মন্ত্রী, বিধায়ক, জিলা পৰিষদৰ বিষয়ববীয়া, পঞ্চায়তৰ বিষয়ববীয়াসকলে গৃহ প্ৰৱেশ কাৰ্যসূচী উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৰাজ্যখনে এতিয়ালৈ ১৯ লাখতকৈ অধিক হিতাধিকাৰীক সামৰি ল’বলৈ সক্ষম হোৱা বুলি দাবী কৰি মন্ত্ৰী দাসে কয় যে এই ১৯ লাখৰ ভিতৰত এতিয়ালৈ ১২,৪১,৫৫৯টা গৃহৰ নিৰ্মাণ সম্পন্ন হৈছে।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে আঁচনিখনৰ অধীনত গৃহ নিৰ্মাণৰ বাবে সময়ে সময়ে ধনৰ আবণ্টন লাভ কৰি থকা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত সৰ্বমুঠ ১৪৫৪০.৮৪ কোটি টকাৰ আবণ্টন লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে এই ধনৰ ১৩০৮৬.৭৬ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আৰু ১৪৫৪.০৮ কোটি টকা ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। আবণ্টিত এই ধনৰ বিত্তীয় বছৰটোৰ ভিতৰত ১০৯১৩.২৪ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হোৱাৰ কথাও তেওঁ সদৰী কৰে।

ইতিমধ্যে ৯৯গৰাকী হিতাধিকাৰী পৰিয়ালক সামৰি ল’ব পৰাকৈ ৭টা ক্লাষ্টাৰ সম্পন্ন হৈছে আৰু ৮৩৮গৰাকী হিতাধিকাৰী পৰিয়ালক সামৰি ল’ব পৰাকৈ ১৯টা ক্লাষ্টাৰ নিৰ্মাণ কৰি থকা হৈছে। এই ক্লাষ্টাৰসমূহ বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ধুবুৰী, গোলাঘাট, লখিমপুৰ, হাইলাকান্দি, মৰিগাঁও আৰু নগাঁৱত নিৰ্মাণ কৰাৰ কথা সদৰী কৰে।

লগতে পঢ়ক: আজি দেশজুৰী কংগ্ৰেছৰ ‘মৌন সত্যাগ্ৰহ’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply