নিউজ ডেস্ক: কৰ্ণাটকত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপি কৰ্মীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়লৈ গতি কৰিছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । তাৰ মাজতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছিলিকন চিটী বেংগালুৰুত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ।
ৰোড শ্ব’ আৰম্ভ হোৱাৰ পূৰ্বে সাংসদ তেজস্বী সূৰ্য, সদানন্দ গৌড়া, পিচি মোহন আৰু যশৱন্তপুৰৰ বিধায়ক তথা মন্ত্ৰী এচ টি সোমশেখৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।

কৰ্ণাটকৰ জে পি নগৰত পৰা আৰম্ভ হোৱা এই শ্ব’ত হাজাৰ হাজাৰ বিজেপি কৰ্মী তথা সৰ্মথকে ৰাস্তাৰ দুয়োফালে সমবেত হৈ নৰেন্দ্ৰ মোডীৰ ওপৰত পুষ্প বৃষ্টি কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বেংগালুৰু দক্ষিণৰ সোমেশ্বৰ ভৱন আৰবিআই খেলপথাৰৰ পৰা মল্লেশ্বৰৰ চাঙ্কি টেংকলৈ ২৬.৫ কিলোমিটাৰৰ এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ৰ সময়ত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে ৩৪ টা পথ বন্ধ কৰি ৰখা হয়।