নিউজ ডেস্ক: অব্যাহত আছে কৰ্ণাটকত কংগ্ৰেছৰ অগ্ৰগতিৰ ধাৰা। এক বৃহৎ জয়ৰ লক্ষ্যৰে কংগ্ৰেছে আগবাঢ়িছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত। কংগ্ৰেছৰ এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে কংগ্ৰেছক শুভেচ্ছা জনাইছে।
টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজয়ৰ বাবে কংগ্ৰেছ দলক শুভেচ্ছা। মানুহৰ আশা-আকাংক্ষা পূৰণৰ বাবে তেওঁলোকলৈ মোৰ শুভকামনা।’
উল্লেখযোগ্য যে একক সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ শিবিৰ । কৰ্ণাটকত বৃহৎ সফলতা লাভ কৰিছে কংগ্ৰেছে। ১৩০খনতকৈ অধিক আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৬৩খন আসনত।