নিউজ ডেস্কঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ১৪,৩০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব আহি আছে গুৱাহাটীলৈ। যাৰ বাবে গুৱাহাটী মহানগৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।

দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ’ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব।

ইয়াৰ লগতে, তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’ অভিযান আৰম্ভ কৰিব।

ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা অনুষ্ঠানত সভাপতিত্ব কৰিবলৈ উপস্থিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। তাতেই তেওঁ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিবলগীয়া বিহু নৃত্যৰ মনোৰম কাৰ্যসূচী উপভোগ কৰিব। এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰীয়ে নামৰূপত ৫০০ টিপিডি মেন্থল প্ৰকল্প মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে একে স্থানৰ পৰাই পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ আধাৰশিলা স্থাপন; ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আধাৰশিলা স্থাপন; আৰু দেশলৈ বুলি পাঁচটা ৰে’ল প্ৰকল্পকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু সেইবোৰ দেশলৈ বুলি উৎসৰ্গা কৰিব।

লগতে পঢ়ক – ৰোজগাৰ মেলাৰ জৰিয়তে ৭১,০০০ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ বিতৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply