নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ১২ মে’ত অৰ্থাৎ কাইলৈ গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত নিখিল ভাৰত প্ৰাথমিক শিক্ষক ফেডাৰেচনৰ ২৯ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অখিল ভাৰতীয় শিক্ষা সংঘৰ অধিবেশনত অংশগ্ৰহণ কৰিব ।

ইয়াৰ পিছতে তেওঁ দুপৰীয়া ১২ বজাত গান্ধীনগৰত প্ৰায় ৪৪০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰিব।

গান্ধীনগৰত এই কাৰ্যসূচীৰ সময়ত, ২৪৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে বানাস্কান্ত জিলাৰ বহু গাঁৱৰ খোৱাপানী যোগান আঁচনি বৃদ্ধি, আহমেদাবাদৰ নদী অভাৰব্ৰিজ, নৰোদা জিআইডিচিত নিষ্কাশন নেটৱৰ্ক, মেহছানা আৰু আহমেদাবাদৰ নলা পৰিশোধন প্লাণ্ট, দহেগামৰ প্ৰেক্ষাগৃহ আদি। যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ব সেইবোৰৰ ভিতৰত জুনাগড় জিলাৰ বাল্ক পাইপলাইন প্ৰকল্প, গান্ধীনগৰ জিলাত পানী যোগান আঁচনি বৃদ্ধি, উৰণীয়া সেতু নিৰ্মাণ, নতুন পানী বিতৰণ ষ্টেচন, বিভিন্ন টাউন প্লেনিং পথ, ইত্যাদি।

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (গ্ৰাম্য আৰু নগৰীয়া) প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আঁচনিৰ অধীনত নিৰ্মিত প্ৰায় ১৯ হাজাৰ ঘৰৰ গৃহ প্ৰবেশত অংশগ্ৰহণ কৰিব। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় প্ৰায় ১৯৫০ কোটি টকা।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৩ বজাত ‘গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক- চিটি’ (GIFT City), গান্ধীনগৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ গিফ্ট চিটিত চলি থকা বিভিন্ন প্ৰকল্পৰ অৱস্থা পৰ্যালোচনা কৰিব। গিফ্ট আই এফ এছ চি সত্তাসমূহৰ সৈতেও গিফ্ট চিটিত তেওঁলোকৰ অভিজ্ঞতা আৰু ভৱিষ্যতৰ পৰিকল্পনা বুজিবলৈ এক পাৰস্পৰিক ক্ৰিয়া-কলাপ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ‘আণ্ডাৰগ্ৰাউণ্ড ইউটিলিটি টানেল’ আৰু ‘স্বয়ংক্ৰিয় আৱৰ্জনা সংগ্ৰহ পৃথকীকৰণ প্লাণ্ট’কে ধৰি মহানগৰীৰ মূল আন্তঃগাঁথনিৰ সুবিধাসমূহো পৰিদৰ্শন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply