নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সমান্তৰালভাৱে হিৰোছিমাত আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বৈঠকত মিলিত হয়৷

দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক৷ নেতা দুগৰাকীয়ে উল্লেখ কৰে যে এই বছৰটো দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি৷ তেওঁলোকে কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰাৰ লগতে সেইবোৰ, বিশেষকৈ প্ৰতিৰক্ষা উৎপাদন, বাণিজ্য, ঔষধ-পাতি, কৃষি, দুগ্ধপাম আৰু পশু-পালন আৰু জৈৱ ইন্ধন তথা স্বচ্ছ শক্তি খণ্ডৰ অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰি তোলাৰ উপায়সমূহো আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ ব্যৱসায়িক মুৰব্বীসকলৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক আয়োজন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷

নেতা দুগৰাকীয়ে আঞ্চলিক উন্নয়নৰ দিশত মত বিনিময় কৰে৷ তেওঁলোকে বহুপাক্ষিক মঞ্চৰ সহযোগিতা অব্যাহত ৰখা আৰু বহুপাক্ষিক প্ৰতিষ্ঠানৰ দীৰ্ঘদিনীয়া সংস্কাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত ৰাষ্ট্ৰপতি লুলাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰে৷

লগতে পঢ়ক – বিজ্ঞানৰ যুক্তিক জলাঞ্জলি দি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নেতৃত্বত শনি পূজা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply