নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোছিমাত জি-৭ সন্মিলনৰ সময়ত শনিবাৰে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’নৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ ১৪ জুলাইত বেষ্টিল দিৱসত তেওঁক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে।
নেতাদ্বয়ে বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা, অসামৰিক বিমান পৰিবহন; নৱীকৰণযোগ্য; সংস্কৃতি; প্ৰতিৰক্ষা খণ্ডত সহ-উৎপাদন আৰু উৎপাদন; লগতে অসামৰিক পাৰমাণৱিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সন্তোষ ব্যক্ত কৰে। নেতাদ্বয়ে নতুন ক্ষেত্ৰলৈ অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰিবলৈ সহমত প্ৰকাশ কৰে।
ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ক্ষেত্ৰত ফ্ৰান্সৰ সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। নেতাদ্বয়ে আঞ্চলিক উন্নয়ন আৰু গোলকীয় প্ৰত্যাহ্বান সন্দৰ্ভত মত বিনিময় কৰে।
লগতে পঢ়ক – ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত চতুৰ্থ দ্বিপাক্ষিক নৌসেনা যোদ্ধাভ্যাস সফল সামৰণি