নিউজ ডেস্ক: ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী আজি অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১০:৩০ বজাত সৌৰাষ্ট্ৰ তামিল সংগমমৰ সামৰণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে এই কাৰ্যসূচী হৈছে এনে এক পদক্ষেপ যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক প্ৰসাৰিত কৰে লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত যুগ যুগ ধৰি চলি অহা সংযোগসমূহ উলিয়াই আনে আৰু পুনৰ সংযোগসমূহ গঢ়ি তুলাত সহায় কৰে।

এই কথা মনত ৰাখিয়েই আগতে কাশী তামিল সংগমমৰ আয়োজন কৰা হৈছিল। গুজৰাট আৰু তামিলনাডুৰ মাজত ভাগ কৰা সংস্কৃতি আৰু ঐতিহ্যক উদযাপন কৰিবৰ বাবে সৌৰাষ্ট্ৰ তামিল সংগমম অনুষ্ঠান আয়োজন কৰা হৈছিল।

বহু শতিকাৰ আগতে সৌৰাষ্ট্ৰ অঞ্চলৰ পৰা বহু লোকে তামিলনাডুলৈ প্ৰব্ৰজন কৰিছিল। সৌৰাষ্ট্ৰ তামিল সংগমমে সৌৰাষ্ট্ৰীয় তামিলসকলক নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে।

সোমনাথত অনুস্থিত হোৱা এই ১০ দিনীয়া সংগমস্থলীত ৩০০০ৰো অধিক সৌৰাষ্ট্ৰীয় তামিল সোমনাথলৈ আহিছিল এখন বিশেষ ৰেলযোগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply