দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন তথা বিকাশ অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ চীনা আগ্ৰাসন ৰোধ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ পথ,  যোগাযোগ ব্যৱস্থা আদি উন্নত কৰি যাতায়াতৰ বাবে সূচল কৰি তোলাটো অতি প্ৰয়োজন।

এই প্ৰয়োজনীয়তাক উপলব্ধি কৰিয়েই শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত যাতায়াতৰ সৈতে জড়িত বহু কেইটা বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰাৰ লগতে বহুতৰে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অৰুণাচল প্ৰদেশত ২৮ টাকৈ প্ৰকল্প মুকলি কৰিব।

অৰুণাচলত তেওঁ মুকলি কৰিবলগীয়া ২৮ টা প্ৰকল্পৰ ভিতৰত আছে ১০০ মিটাৰ দৈৰ্ঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং। সীমান্ত পথ সংস্থাৰ ২৭ টা প্ৰকল্প। এই আটাইকেইটা প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৭২৪.৩ কোটি টকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply