মানকাচৰ : দক্ষিণ শালমাৰাৰ টুমনিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আছুৰ উদ্যোগত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী।
মঙলবাৰে অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে আছুৰ উদ্যাগত দক্ষিণ শালমাৰাত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। বান পৰিস্থিতি উন্নত হোৱাৰ পিছতেই বিদ্যুৎ সেৱা অনিয়মীয়া হৈ পৰিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত।
২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ নাপায় দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৰাইজে বুলি অভিযোগ কৰে প্ৰতিবাদী আছুৰ সদস্য সকলে। অনিয়মীয়া বিদ্যুৎ যোগান ধৰি অত্যাধিক বিদ্যুৎ বিল আদায় কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিদ্যুৎ বিভাগে বুলিও অভিযোগ কৰে।
লগতে পঢ়ক – বহি:ৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি
বিভিন্ন ধৰণৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আছুৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে। প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিৱেশ আৰু অধিক উত্তাল কৰি তোলে।