হাটশিঙিমাৰী : গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত হাটশিঙিমাৰীত উত্তাল প্ৰতিবাদ। হাটশিঙিমাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সৰ্ব ভাৰতীয় কৃষক মজদুৰ সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত সৰ্ব ভাৰতীয় কৃষক মজদুৰ সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পুৰাণ সুখচৰৰ চয়তান বজাৰৰ পৰা হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়।

লগতে পঢ়ক –  Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদকাৰী সকল জিলা উপায়ুক্তৰ সম্মুখত উপস্থিত হৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে জিলাখনৰ দক্ষিণ শালমাৰাৰ সমষ্টিৰ পৰা মানকাচৰৰ শিশুমাৰা, কালাইৰ আলগালৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত বহু লোক গৃহহীন হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply