নিউজ ডেস্ক : অসমৰ বানপানী সমস্যাকলৈ দিল্লীত প্ৰতিবাদ। অসমৰ বৰাক উপত্যকাৰ পৰা অহা আৰু দিল্লী-এনচিআৰত বাস কৰা লোকসকলে দেওবাৰে জন্তৰ মন্তৰত অসমৰ বানপানী সমস্যাকলৈ প্ৰতিবাদ সাব্যস্ত কৰে। বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা কাছাৰ জিলাৰ শিলচৰৰ পুনৰুদ্ধাৰৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে।
প্ৰতিবাদকাৰী সকলে শিলচৰৰ বানপীড়িত অঞ্চলসমূহত পৰিকল্পিতভাৱে সাহায্য সামগ্ৰী বিতৰণৰ বাবেও দাবী জনায়। বান বিধ্বস্ত শিলচৰৰ বহু অঞ্চলৰ লোক সকলে এতিয়াও খোৱাপানীকে ধৰি উপযুক্ত সাহায্য সামগ্ৰী লাভ কৰিব পৰা নাই বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য প্ৰদানত কাছাৰ জিলা প্ৰশাসন বিফল হোৱা বুলিও কয় প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়ক – পুৱাৰ ভাগতে মহানগৰীত পথ দুর্ঘটনাত নিহত এজন
দিল্লীত বাস কৰা শিলচৰৰ বাসিন্দা এজনে কয়, “উদ্ধাৰ আৰু সাহায্য অভিযান সম্পূৰ্ণ অপৰিকল্পিত। বান সাহায্যৰ কামৰ বাবে লাইফ জেকেট আৰু বিশেষ নাও নথকাৰ বাবে বহু উদ্ধাৰকাৰী লোক আৰু এন জি অ’ সমূহে দূৰৈৰ অঞ্চলত আৱদ্ধ হৈ থকা লোক সকলৰ উদ্ধাৰৰ বাবে নিজৰ জীৱন বিপন্ন কৰি বানাক্ৰান্ত লোক সকলৰ কাষ চাপিছিল।” দিল্লীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত ৰাজিব মেহেৰাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা শিলচৰৰ বাবে এক বিশেষ অৰ্থনৈতিক পেকেজৰ দাবী জনায়।