নিউজ ডেস্ক: মহানগৰীৰ শিলসাঁকোত পুনৰ প্ৰতিবাদ উচ্ছেদিত ৰাইজৰ। উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে জনতাই। মংগলবাৰে নিশা হাতে হাতে মম লৈ শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ।

শিলসাঁকোত পুনৰ উচ্ছেদ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ক্ষোভিত জনতাই। লগতে শীঘ্ৰে ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰো দাবী উত্থাপন কৰে তেওঁলোকে।

প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে কয়, “চৰকাৰে আমাক চকু মেলি চোৱা নাই। খিলঞ্জীয়া মানুহসকলক উচ্ছেদ কৰি চৰকাৰৰ কোনো কাণষাৰ নাই। চৰকাৰে ভাবিছে এইখন কেৱল তেওঁলোকৰ চৰকাৰ। যদি ৰাইজৰ হকে তেওঁলোকে চিন্তা নকৰে তেন্তে তেনে চৰকাৰ আমাক নালাগে”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply