নিউজ ডেস্ক: সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন ৰাজ্যিক কমিটিৰ একাংশ সদস্যই আজি অতৰ্কিতে সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত মূলতঃ বকেয়া মাননি আদায়ৰ দাবীত বিক্ষোভ কৰে। ইউনিয়নৰ সাধাৰণ সম্পাদিকা কনকলতা দাসৰ নেতৃত্বত “বকেয়া মাননিৰ বাবেও আন্দোলন কৰিব লাগে কিয়” , “মাহে ১৫ টকীয়া সামান্য মাননিও আদায় দিব নোৱৰা চৰকাৰক ধিক্কাৰ” , “সময়মতে মাননিৰ ধন আদায় দিব নোৱৰা চৰকাৰ হায় হায়” , “বিহু গ’ল, ঈদ গ’ল মাননি কিয় দিয়া নহ’ল” আদি লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰি আৰু শ্লোগান দি সংগঠনৰ নেত্ৰীসকলে শিক্ষা বিভাগটোৰ কাৰ্যালয় চৌহদ আক্ষৰিক অৰ্থতেই উত্তাল কৰি তোলে।

বিভাগীয় কৰ্তৃপক্ষই আন্দোলনৰত সকলৰ মাজৰ তিনিজনীয়া প্ৰতিনিধি দলক শিক্ষা সঞ্চালকৰ কোঠাত আলোচনাৰ বাবে আমন্ত্ৰণ জনায় যদিও আন্দোলনকাৰী সকলোৰে লগত সঞ্চালকৰ আলোচনা বিচাৰি আঁকোৰগোজ হৈ থকাত সঞ্চালকে আটাইৰে সৈতে আলোচনাত মিলিত হ’বলৈ সম্মতি প্ৰকাশ কৰে। আলোচনাকালত সঞ্চালকগৰাকীয়ে বিহু আৰু ঈদৰ পূৰ্বে বকেয়া মাননি আদায় দিব নোৱৰাৰ বাবে খেদ প্ৰকাশ কৰে আৰু জনায় যে বাকী থকা মাননিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ আহিছে আৰু ৰাজ্য চৰকাৰৰ অংশ মোকোলাই দিয়াৰ লগে লগে দ্ৰুততাৰে ৰন্ধনকৰ্মীৰ বেংক একাউন্টলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব।

বিষয়া গৰাকীয়ে বকেয়া আদায়ৰ কোনো সময়সীমা দিব নোৱাৰিলে। এনে দুৰ্বল আশ্বাসত নেতৃবৃন্দই অসন্তুষ্টি প্ৰকাশ কৰে আৰু বকেয়া মাননি আদায়ৰ লগতে মুখ্যতঃ ‘মধ্যাহ্ন ভোজন আঁচনি ৰক্ষা’ আৰু ‘মাননিৰ সলনি মজুৰি’ৰ দাবীত ৰাজ্যজুৰি অহা মে’ মাহৰ প্রথম সপ্তাহৰ পৰা আন্দোলনৰ সিদ্ধান্ত ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply