নিউজ ডেস্ক- ৰাজ্যত এতিয়া উষ্ণতাৰ পাৰা স্তম্ভ যিমানেই উঠিছে সিমানেই ৰাজ্যত দেখা গৈছে বিদ্যুৎৰ লুকা ভাকু। গৰমে মানুহক যিমানেই অতিষ্ঠ কৰিছে তাৰ সমান্তৰালকৈ মহানগৰীত খোৱা পানীৰ সমস্যাও দেখা গৈছে।

আজি চি পি আই (এম) ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিয়ে গুৱাহাটী মহানগৰীৰ পানী যোগান প্ৰকল্প অতিশীঘ্ৰে সম্পূৰ্ণ কৰি মহানগৰ বাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা দাবী জনায়। লগতে প্ৰতিবাদকাৰীসকলে বিদ্যুৎ মাছুল বৃদ্ধি কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

এই সকলোবোৰৰ উপৰিও ৰাজ্যত চলি আছে উচ্ছেদ অভিযান। আগদিনা পৰীক্ষা থকা শিক্ষাৰ্থীক ৰাতিটোৰ ভিতৰতে তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে বুলিও চি পি আই (এম) ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটি অভিযোগ তোলে।

এনে পৰিস্থিতিত চিপিআই (এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ পক্ষৰ পৰা অসম চৰকাৰৰ ওচৰত উল্লেখ কৰা দাবীসমূহ হৈছে-

১/  খোৱাপানীৰ প্ৰকল্পবোৰৰ অতিশীঘ্ৰে সম্পন্ন কৰি খোৱাপানী যোগানৰ ব্যৱস্থা কৰক।

২/ বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক।

৩/ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক।

৪/ দীৰ্ঘদিন বসবাস কৰি থকা বা ভোগদখল কৰা লোকসকলক পট্ৰা প্ৰদানৰ ব্যৱস্থা কৰক।

৫/ মহানগৰৰ বিভিন্ন পথ-উপপথসমূহত নলা খন্দাৰ ফলত হোৱা যান-জঁটৰ সমস্যা লাঘৱ কৰিবলৈ বিজ্ঞানসন্মত ব্যৱস্থা হাতত লওক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply