গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীত ১৬ ৰ পৰা ২০ মে’লৈ “আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় সপ্তাহ”ৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত পুতলা নাচ সম্পৰ্কে বক্তৃতা আৰু প্ৰদৰ্শনত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ এন চি আৰ টি আৰু চি চি আৰ টি, অসম চৰকাৰৰ এছ চি আৰ টি ৰ সমল ব্যক্তি বিনীতা দেৱী।
বিনীতা দেৱীয়ে শিশু সকলৰ সৈতে খুহুতীয়া কথোপকথনেৰে পুতলা নাচৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে আৰু শিশু সকলে তেখেতৰ লগত মত বিনিময় কৰি নথৈ আনন্দিত হয়। প্ৰায় তিনি ঘণ্টা সময় পুতলা নাচৰ বিষয়ে প্ৰশিক্ষণ তথা পুতলা নাচ দেখি শিশু সকলে যথেষ্ট জ্ঞান আহৰণ কৰে। বিজ্ঞান কেন্দ্ৰ এটিত পুতলা নাচক প্ৰাধান্যতা দিয়াত বিনীতা দেৱীয়ে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়ক – ওৰাং ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীৰ তলত
গুৱাহাটীৰ বহু কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থী অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিনীতা দেৱীয়ে পুতলা নাচৰ মাধ্যমত পঞ্চতন্ত্ৰৰ সাধুকথা “তিনিটা মাছৰ কাহিনী” মঞ্চস্থ কৰে। লগতে বাগুৰুমম্বা নৃত্য আৰু মোৰ প্ৰণৱ জ্যোতি ৰাভাই “ভেণ্ট্ৰিলোকুইজম” পৰিবেশন কৰে। বিনীতা দেৱীক পুতলা নাচ পৰিবেশন কৰাত সহযোগিতা আগবঢ়ায় হাৰ্দিক শৰ্মা, প্ৰণৱ জ্যোতি ৰাভা আৰু সীমান্ত শৰ্মাই।