মৰিগাঁও : মৰিগাঁৱৰ বঙালধৰাত উদ্ধাৰ অজগৰ সাপৰ পোৱালি। স্থানীয় কেইজনমান লোকে উদ্ধাৰ কৰে অজগৰ সাপৰ পোৱালিটোক। বন বিভাগৰ লোক উপস্থিত হোৱাত বন বিভাগক গতাই দিয়া হয় অজগৰ সাপৰ পোৱালিটো।
বৃহস্পতিবাৰে পুৱাৰ ভাগত মৰিগাঁও জিলাৰ বঙালধৰা তিনিআলিৰ সমীপত উদ্ধাৰ হয় এটা অজগৰ সাপৰ পোৱালি। পুৱাৰ ভাগৰ স্থানীয় কেইজনলোকে নদীত মাছ ধৰিবলৈ গৈ থকা অৱস্থাত পথৰ কাষত অজগৰ সাপৰ পোৱালিটো প্ৰত্যক্ষ কৰে।
স্থানীয় লোক সকলে অজগৰ সাপৰ পোৱালিটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজে অজগৰ সাপৰ পোৱালিটো বন বিভাগক গতাই দিয়ে। বন বিভাগৰ লোকে অজগৰ সাপৰ পোৱালিটোক পুনৰ বনাঞ্চলত মুকলি কৰি দিয়ে।