ফ্ৰান্স আৰু মৰক্কো কেতিয়াও বিশ্বকাপত মুখামুখি হোৱা নাই ৷ এইবাৰো চাগে কোনেও ভবা নাছিল যে আৰ্জেণ্টিনা, ক্ৰোৱেচিয়া আৰু ফ্ৰান্সৰ সৈতে ছেমিফাইনেল লাইনআপত মৰক্কো থাকিব। কিন্তু থাকিল। আৰু বীৰদৰ্পে আছে ৷ বেলজিয়াম, স্পেইন আৰু পৰ্তুগালক হৰুওৱাৰ পাছত মৰক্কোৰ ছেমিফাইনেললৈ এই দৌৰক কোনেও আশ্চৰ্য বুলি ক’ব নোৱাৰে ৷ বৰং সীমিত শক্তিৰে শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰিশ্ৰম আৰু সঠিক ৰণনীতিৰে কিদৰে পৰাস্ত কৰিব পাৰি তাৰ উদাহৰণ হৈ ৰ’ব মৰক্কো ৷ কিন্তু এইবাৰ প্ৰতিদ্বন্দ্বীৰ মান অন্য পৰ্যায়ৰ ৷ একেৰাহে দুবাৰ বিশ্বকাপ জয়ৰ বাবে দুৰ্বাৰ গতিৰে আগবাঢ়িছে ফ্ৰান্স ৷ তাকো এনগ’ল’ কন্টে বা কৰিম বেনজেমাৰ দৰে তাৰকাৰ অবিহনে৷

নিঃসন্দেহে মৰক্কোৰ বিৰুদ্ধে স্পেইন বা পৰ্তুগালৰ ভুলবোৰ সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছে ফৰাচী প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বম্পে ৷ গতিকে মৰক্কোৱে ফ্ৰান্সক আচৰিত কৰি তোলাৰ সুযোগ হয়তো নাপাব৷ ইংলেণ্ডৰ বিৰুদ্ধে ফ্ৰান্সে নিজৰ দৃঢ়তা আৰু মানসিক শক্তি প্ৰদৰ্শন কৰিছে ৷ সন্দেহ নাই, হেৰী কেইনৰ দ্বিতীয় পেনাল্টী লক্ষ্যভ্ৰষ্ট নহ’লে ফ্ৰান্সৰ বিপদ হ’লহেঁতেন ৷ কিন্তু পেনাল্টী নোহোৱাৰ বাবে বাচি থকা অগ্ৰগতি ৩০ মিনিট ৰক্ষা কৰাটোৱেই ফ্ৰান্সৰ দৃঢ়তাৰ পৰিচায়ক ৷ কিয়নো ইংলেণ্ডে দ্বিতীয়াৰ্ধত যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াইছিল আৰু ফ্ৰান্সৰ ইয়াৰ পূৰ্বে বৰ বেছি প্ৰত্যাহ্বানৰ মুখামুখি নোহোৱা ৰক্ষণে সঠিক মোকাবিলাই কৰিছিল ৷ এয়া ছেমিফাইনেলৰ পূৰ্বে দলটোৰ বাবে এক ইতিবাচক কথা৷

মৰক্কোৰ বিৰুদ্ধে খেলখন বেলেগ হ’ব ৷ ইংলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পাছত মৰক্কোৰ চতুৰ প্ৰশিক্ষক ৱালিদ ৰিগ্ৰেগিয়ে ইতিমধ্যে নিশ্চয় গম পাইছে যে কিলিয়ান এমবাপ্পেক মেন মাৰ্কিঙেৰে ৰোধ কৰিব পৰা যায়। তেওঁ ফ্ৰান্সৰ মূল সূত্ৰধাৰ অন্টোৱান গ্ৰীজমেনে যাতে বলৰ যোগান ধৰিব নোৱাৰে তাৰ বাবে ফৰৱাৰ্ড আৰু মিডফিল্ড লাইনৰ মাজত প্ৰাচীৰ সৃষ্টি কৰিব ৷ হয়তো ক্লান্তিহীন মিডফিল্ডাৰ ছোফিয়া আম্ৰাবতক এই কামত লগোৱা হ’ব ৷ এই কথা যে ডেশ্বম্পে অনুমান নকৰিব তাৰ যুক্তি নাই। সেয়ে তেওঁ গ্ৰীজমেন যাতে অকলশৰীয়া নহয় তাৰ বাবে হ’ল্ডিং পজিচনৰপৰা এড্ৰিয়া ৰেবিঅ’ আৰু অৰেলিয়া টুৱামেনিক আগুৱাই আহি খেলিবলৈ ক’ব পাৰে আৰু তাৰ বাবে সৃষ্টি হ’ব পৰা সুৰুঙা বন্ধৰ দায়িত্ব দিব পাৰে দুই ফুলবেক থিঅ’ হাৰ্ণাণ্ডেজ আৰু জুল কুণ্ডেক৷

মৰক্কোৱে স্পেইন আৰু পৰ্তুগালক হৰুৱাব পাৰিছিল কিয়নো দল দুটাৰ খেল সম্পূৰ্ণ এক দিশত চলিছিল ৷ ফ্ৰান্সৰ খেল বৈচিত্ৰ্যময় । অলিভিয়েৰ জিৰু মৌলিক ষ্ট্ৰাইকাৰ যি বক্সত চিকাৰীৰ দৰে গ’ল বিচাৰে ৷ এমবাপ্পে আৰু ওছমান ডেম্বেলেৰ আছে তীব্ৰ গতি আৰু স্কিল । গ্ৰীজমেনে প্লেমেকাৰৰ ভূমিকা ল’ব আৰু থিঅ’ হাৰ্ণাণ্ডেজে লেফ্‌টবেক পজিচনৰপৰা ফৰৱাৰ্ড ৰান ল’ব ৷ ৰেবিঅ’ৱে আগুৱাই আক্ৰমণত সহায় কৰিব ৷ ডেশ্বম্পৰ বাবে দলত আঘাত বা ছাছপেন্সচনৰ কোনো সমস্যা নাই ৷ গতিকে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে নিয়োগ কৰা দলটোৰেই পুনৰাবৃত্তি কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বিপৰীতে মৰক্কোৰো ফ্ৰান্সক ভেটিবলৈ খেলুৱৈৰ অভাৱ নাই ৷

ফৰাচী চেন্টাৰ বেক ডেয়ট আপেমেকানোৱে ইংলেণ্ডৰ বিৰুদ্ধে জড়তা প্ৰদৰ্শন কৰিছিল আৰু তেওঁক পৰ্যুদস্ত কৰিবলৈ মৰক্কোৱে লংবলৰ সহায় ল’ব পাৰে ৷ ইয়াৰ বিপৰীতে ৰাইটবেক কুণ্ডেকো উইংগাৰ ছোফিয়ান বৌফালে লক্ষ্য কৰি ল’ব পাৰে ৷ ইটো দিশে হাকিম জিয়েক আৰু আশ্ৰফ হাকিমিয়ে হেঁচা দিব পাৰে হাৰ্ণাণ্ডেজৰ লগতে ৰক্ষণত অদক্ষ এমবাপ্পেক ৷ আনহাতে, বহুতে ফ্ৰান্সৰ বেঞ্চৰ গভীৰতাক প্ৰশংসা কৰিলেও দলটোত কিংছলী কোমানৰ বাদে মেচ বদলাই দিব পৰা ছাবষ্টিটিউট নাই ৷ যদিহে গ’ল নহয়, ফ্ৰান্সৰ বিপদ হ’ব পাৰে ৷ কিন্তু মৰক্কোৰ সমস্যা হ’ল কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাত আৰু দীঘলীয়া মেচ খেলাৰ ক্লান্তি । ফ্ৰান্সৰ বাবে সবাতোকৈ তীব্ৰ প্ৰত্যাহ্বান আগবঢ়ালেও মূৰকত ব্যক্তিগত প্ৰতিভাৰ জোৰত মৰক্কোক পৰাস্ত কৰিব বুলিয়েই মনে ধৰে ৷

সম্ভাব্য ফলাফল: ফ্ৰান্স ২-০ মৰক্কো

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply