কাছিমিৰো যদি আছে, নেইমাৰক কিয় লাগে? চলিত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত যদি কোনোবা দলে আগতীয়াকৈ চেম্পিয়নৰ বডী লেংগুৱেজ দেখুৱাইছে সেয়া হৈছে ফ্ৰান্স আৰু ব্ৰাজিল ৷ কাৰণ? কাৰণ হৈ দলৰ গভীৰতা ৷ যিসময়ত ফেভৰেট আৰ্জেণ্টিনাক লিঅ’নেল মেছি অবিহনে কল্পনা কৰা টান হৈ পৰে সেই সমস্যা কিন্তু দলটোৰ চিৰশত্ৰু ব্ৰাজিলৰ নাই। কালি ছুইজাৰলেণ্ডৰ বিৰুদ্ধে নাছিল আঘাতপ্ৰাপ্ত নেইমাৰ ৷ তেওঁৰ উপস্থিতি অনুভৱ হ’লনে? খেলৰ আৰম্ভণিৰে পৰা টিট’ৰ দলটোৱে ছুইজাৰলেণ্ডক উশাহ ল’বলৈ সময় দিয়া নাছিল৷

কাছিমিৰো যদি আছে, নেইমাৰক কিয় লাগে? চলিত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত যদি কোনোবা দলে আগতীয়াকৈ চেম্পিয়নৰ বডী লেংগুৱেজ দেখুৱাইছে সেয়া হৈছে ফ্ৰান্স আৰু ব্ৰাজিল ৷ কাৰণ? কাৰণ হৈ দলৰ গভীৰতা ৷ যিসময়ত ফেভৰেট আৰ্জেণ্টিনাক লিঅ’নেল মেছি অবিহনে কল্পনা কৰা টান হৈ পৰে সেই সমস্যা কিন্তু দলটোৰ চিৰশত্ৰু ব্ৰাজিলৰ নাই । কালি ছুইজাৰলেণ্ডৰ বিৰুদ্ধে নাছিল আঘাতপ্ৰাপ্ত নেইমাৰ ৷ তেওঁৰ উপস্থিতি অনুভৱ হ’লনে?

খেলৰ আৰম্ভণিৰেপৰা টাইটৰ দলটোৱে ছুইজাৰলেণ্ডক উশাহ ল’বলৈ সময় দিয়া নাছিল ৷ ব্ৰাজিলৰ ফৰ্মেচন আছিল আক্ৰমণাত্মক ৪-৩-৩ ৷ প্ৰথম মেচত ছাৰ্বিয়াৰ বিৰুদ্ধে আছিল ৪-২-৩-১ ৷ নেইমাৰৰ অনুপস্থিতিৰ বাবেই ৰিচালিছনে সন্মুখৰ অকলশৰীয়া ষ্ট্ৰাইকাৰৰ সলনি আক্ৰমণৰ মধ্যভাগৰ দায়িত্ব লৈছিল ৷ সোঁদিশে ৰাফিনহা আৰু বাওঁদিশে ভিনিছিয়াছ জুনিয়ৰ। কাছিমিৰোৰ দায়িত্ব মিডফিল্ডৰ মধ্যভাগৰ পৰা খেল নিয়ন্ত্ৰণ কৰা। ফ্ৰেড আৰু লুকাছ পাকেটাক দিয়া হৈছিল ফুলবেক আৰু উইংগাৰৰ সৈতে বুজাপৰাৰে ছুইছ ৰক্ষণত সুৰুঙা উলিওৱাৰ দায়িত্ব ৷ প্ৰথম মিনিটৰেপৰা টাইটৰ ৰণনীতিয়ে নিজৰ ধাৰ প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল।

ছুইজাৰলেণ্ডে জানিছিল বল তেওঁলোকে নাপায়। গতিকে ফৰ্মেচন আছিল সাৱধানী ৪-২-৩-১ ৷ কাছিমিৰোক মিডফিল্ড নিয়ন্ত্ৰণ কৰিবলৈ নিদিয়া আৰু সুযোগ পালে প্ৰত্যাক্ৰমণ কৰা ৷ কিন্তু কাছিমিৰোক সহায়ৰ বাবে ভিনিছিয়াছ বা ৰাফিনহা সদাপ্ৰস্তুত আছিল ৷ মিডফিল্ড দখলৰ বাবে নামি আহি আকৌ পোনে পোনে আক্ৰমণলৈ যোৱা, তাৰ পুনৰাবৃত্তি কৰা, এই কাম গতি আৰু কৌশলেৰে সুন্দৰকৈ কৰিছিল দুয়ো ৷ সেইবাবেই মিডফিল্ড সতীৰ্থ ফ্ৰেড কিছু নিষ্প্ৰভ হ’লেও কাছিমিৰোৰ বাবে ৰক্ষণত মাৰকিন্য’ আৰু টিয়াগো ছিলভাৰ সন্মুখত থাকি সহায় কৰা আৰু আক্ৰমণৰ বাবে বল উলিয়াই দিয়া সহজ হৈ পৰিছিল ৷ ফলত ছুইজাৰলেণ্ডৰ বাবে খোপনি পোতা হৈ পৰিছিল অতি কঠিন ৷ গ’ল যেন যিকোনো সময়ত অৱশ্যাম্ভাৱী সেয়া অনুভৱ হৈ থাকিছিল। কিন্তু নিজৰ বক্সত ছুইজাৰলেণ্ডৰ ৰক্ষণৰ শৃংখলাবদ্ধতা আৰু ফাইনেল থাৰ্ডত ৰিচালিছনৰ ব্যৰ্থতাই ব্ৰাজিলক স্ক’ৰ কৰাত বাধা দিছিল ৷

দ্বিতীয়াৰ্ধত ৰিচালিছনৰ সলনি নমোৱা হৈছিল গেব্ৰিয়েল জেছুছক ৷ টাইটে আৰ্ছেনালৰ ইন ফৰ্ম ফৰৱাৰ্ডগৰাকীক বেঞ্চত বহুৱাই থোৱাটোৱেই প্ৰমাণ কৰে আক্ৰমণত ব্ৰাজিলৰ প্ৰতিভাৰ ভিৰৰ কথা ৷ লগতে অনা হয় নিউকাছ্ল ইউনাইটেডৰ মিডফিল্ডাৰ ব্ৰুনো গিমাৰাইছ আৰু ৰিয়েল মাদ্ৰিডৰ ফৰৱাৰ্ড ৰড্ৰিগোক ৷ এই ছাবষ্টিটিউচনৰ পৰাই ব্ৰাজিল অধিক ভয়ংকৰ হৈ পৰে ৷ গিমাৰাইছৰ আগমনৰ লগে লগে কাছিমিৰোৱে আগবাঢ়ি খেলিবলৈ আৰম্ভ কৰে ৷ কিয়নো মিডফিল্ডত তেওঁৰ স্থান গিমাৰাইছে পূৰণ কৰিছিল ৷ কাছিমিৰোৱে দিয়া একমাত্ৰ গ’লটো ছাবষ্টিটিউট ৰড্ৰিগোৰ সুন্দৰ এটা ফ্লিকৰ সহায়তে হোৱা ৷ এই মেচে আকৌ এবাৰ প্ৰমাণ কৰিলে এই বিশ্বকাপৰ এই পৰ্যন্ত শ্ৰেষ্ঠ মিডফিল্ডাৰ হৈছে কাছিমিৰো ৷ মেচ অধ্যয়ন আৰু ৰক্ষণৰ ঠাই দখলত তেওঁ এই পৰ্যন্ত অদ্বিতীয় ৷ কাছিমিৰোৰ ফৰ্ম অটুট থকালৈকে ব্ৰাজিলৰ বিশ্বকাপ যাত্ৰাও সফল হ’ব, এয়া প্ৰায় নিশ্চিত । নক্আউটত প্ৰতিপক্ষৰ বাবে কাছিমিৰোক নিয়ন্ত্ৰণেই হ’ব ব্ৰাজিলক ভেটাৰ মূল অস্ত্ৰ ৷

পূৰ্বানুমান: ৰাউণ্ড অব্ ছিক্সটিনত বীৰদৰ্পে প্ৰৱেশ কৰা ব্ৰাজিলক যে কোনো দলে সন্মুখত নিবিচাৰে সেয়া নিশ্চিত। নেইমাৰে আঘাতৰ পৰা প্ৰত্যাৱৰ্তন ঘটালে দলটো আৰু অধিক শক্তিশালী হ’ব ৷ এই মুহূৰ্তত দলটোৰ কোনো লক্ষ্যণীয় সমস্যা নাই যদিও দলটোৰ ৰক্ষণৰ এতিয়ালৈ শ্ৰেষ্ঠ আক্ৰমণৰদ্বাৰা পৰীক্ষা হোৱা নাই ৷ এই ছিজনত ক্লাব পৰ্যায়ত দুই চেন্ট্ৰেল ডিফেণ্ডাৰ মাৰকিন্য’ আৰু ছিলভাৰ দুৰ্বলতা দেখা পোৱা গৈছে ৷ দুয়ো গ্ৰুপ পৰ্যায়ৰ ফৰ্ম ৰাখিব পাৰিলে ফাইনেললৈ ব্ৰাজিলৰ দৌৰ কঠিন নহ’ব ৷