ইংলেণ্ডৰ হাতত ৬-২ গ’লত পৰাস্ত হোৱাৰ পাছত ইৰানৰ প্ৰশিক্ষক কাৰ্লোছ কেৰোজে ৱেল্ছৰ মুখামুখি হ’বলৈ দলত সালসলনি ঘটাইছিল ৷ মূল একাদশত নতুনকৈ পাঁচজন খেলুৱৈ অন্তৰ্ভুক্ত কৰা হৈছিল য’ত আছিল জাৰ্মান ক্লাব বেয়াৰ লেভাকুছেনৰ তাৰকা ষ্ট্ৰাইকাৰ চৰ্দাৰ আজমুন ৷ লগতে কেৰোজে সলনি কৰিছিল ফৰ্মেচন৷ অতি ৰক্ষণাত্মক ৫-৪-১ৰ সলনি ইৰান অৱতীৰ্ণ হৈছিল আক্ৰমণাত্মক ৪-৪-২ ফৰ্মেচনত ৷

আজমুনৰ লগত আক্ৰমণত আছিল পৰ্তুগালৰ এফচি প’ৰ্ট’ৰ মেহদী টাৰেমি ৷ ইয়াৰ ফলত ইৰান হৈ পৰিছিল অধিক গতিশীল আৰু ৰক্ষণ সবল ৰাখি গ’ল স্ক’ৰৰ সুযোগ তৈয়াৰত সফল ৷ এই পোনপটীয়া দৃষ্টিভংগীৰ বাবে ৱেল্ছে বল দখলত ৰাখিলেও মিডফিল্ড ভেদি ইৰানেহে বেছি আক্ৰমণ চলাইছিল প্ৰথমাৰ্ধত৷ গ’লো পাইছিল যিটো অফ্ছাইডৰ বাবে বাতিল হ’ল । দ্বিতীয়াৰ্ধৰ প্ৰথম ১০ মিনিটতো দুবাৰ ৱেল্ছক গ’লপোষ্টেহে গ’লৰপৰা ৰক্ষা কৰিছিল ৷ ৱেল্ছৰ দুই তাৰকা গাৰেথ বে’ল আৰু আৰন ৰাম্ছেই দলৰ আধিপত্য ব্যৰ্থ হৈছিল৷

ৰক্ষণ আৰু আক্ৰমণৰ মাজত ভাৰসাম্য নথকাত মিডফিল্ডৰ যুঁজত ৰাম্ছে পৰাস্ত হৈছিল ৷ শেহত গ’লকীপাৰ ৱেইন হেনেছীয়ে ৰেডকাৰ্ড পাই বাহিৰ হোৱাত ইৰানে সংখ্যাৰ সুযোগত আক্ৰমণ বৃদ্ধি কৰে ৷ মন কৰিব লগা যে মেচখনত সামগ্ৰিকভাৱে ৱেল্ছে ৬২ শতাংশ বল দখলত ৰাখিছিল ৷ পাছ খেলিছিল ৫০০ ৷ কিন্তু গ’ললৈ শ্বট ইৰানৰ ২১টা ৷ ৱেল্ছৰ ১০টা ৷ অন টাৰ্গেট ইৰানৰ ৬টা ৷ ৱেল্ছৰ ৩টা৷

ইয়েই প্ৰমাণ কৰে কেৰোজৰ ৰণনীতি সফল ৷ বল ৱেল্ছক নিৰাপদ স্থানত দখলত ৰাখিবলৈ দি বল এৰিলেই উইং ব্যৱহাৰ কৰি পোনপটীয়াকৈ তীব্ৰগতিত গ’লমুখী আক্ৰমণ কৰাৰ ৰণনীতিয়ে ৱেল্ছৰ ৰক্ষণক ক্ৰমাৎ শংকিত আৰু পিছলৈ দুৰ্বল কৰি তুলিছিল ৷ ৰেডকাৰ্ডৰ পাছত হাতত সময় কম থাকিলেও সংখ্যাৰ সুযোগত সেইবাবেই ইৰানে দুবাৰকৈ গ’ল স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল ৷

পূৰ্বানুমান: ইংলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত ৱেল্ছক পৰাস্ত কৰি ইৰানে নিজৰ যুঁজাৰু চৰিত্ৰ বিশ্বৰ সন্মুখলৈ আনিলে ৷ পৰৱৰ্তী মেচ আমেৰিকাৰ বিৰুদ্ধে আৰু কালি ইংলেণ্ডৰ অপ্ৰত্যাশিত ড্ৰই গ্ৰুপটো আকৰ্ষণীয় কৰাৰ লগতে ইৰানৰ নক্আউটলৈ যোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰিলে ৷