আৰ্জেণ্টিনা আৰু ক্ৰোৱেচিয়া এতিয়ালৈ বিশ্বকাপত দুবাৰ মুখামুখি হৈছে ৷ ১৯৯৮ৰ গ্ৰুপ পৰ্যায়ত আৰ্জেণ্টিনাই ক্ৰোৱেচিয়াক ১-০ গ’লত পৰাস্ত কৰিছিল ৷ বিগত ২০১৮চনৰ বিশ্বকাপত ক্ৰোৱেচিয়াই আৰ্জেণ্টিনাক ৩-০ গ’লত পৰাস্ত কৰিছিল ৷ বিগত বিশ্বকাপত কোনোমতে লিঅ’নেল মেছিৰ একক প্ৰচেষ্টাত যোগ্যতা অৰ্জন কৰা আৰ্জেণ্টিনা দল মুখামুখি হোৱাৰ পূৰ্বেই ক্ৰোৱেচিয়াৰ আগত আছিল আণ্ডাৰডগ ৷ কিন্তু এইবাৰ কথাটো তেনেকুৱা নহয় ৷ এইবাৰ ছৌদি আৰৱে অপ্ৰত্যাশিতভাৱে পৰাস্ত কৰাৰ পাছত সকলোৰে আশংকা অমূলক পৰিণত কৰি ছন্দলৈ উভতিছে আৰ্জেণ্টিনা৷

ইয়াৰ বিপৰীতে ক্ৰোৱেচিয়াই এইবাৰ কাৰো প্ৰত্যাশা অবিহনেই ক্ৰমাগত দ্বিতীয়বাৰলৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ৷ দুয়োটা দলেই কোৱাৰ্টাৰ ফাইনেলত টাইব্ৰেকাৰত জয় আঁজুৰি আনিছে দুটা শক্তিশালী দলৰ বিৰুদ্ধে ৷ ইয়েই কাটাৰ বিশ্বকাপৰ প্ৰথম ছেমিফাইনেলৰ বিস্ফোৰক সম্ভাৱনাৰ ৰসায়ন তৈয়াৰ কৰিছে ৷ কিয়নো অন্তিম হুইচেল নবজালৈ হাৰ মানিব নোখোজা দুটা যুঁজাৰু আৰু অতি দৃঢ় চৰিত্ৰৰ দল মুখামুখি হ’ব ৷ তাতে এই মেচত সৰ্বস্ব উজাৰি দিবলৈ সাজু হৈ আছে এই প্ৰজন্মৰ শ্ৰেষ্ঠতম ফুটবলাৰ লিঅ’নেল মেছি আৰু এই প্ৰজন্মৰ শ্ৰেষ্ঠতম মিডফিল্ডাৰ লুকা মড্ৰিচ ৷ দুয়োৰে প্ৰমাণ কৰিব লগা একো নাই । কিন্তু দুয়োৰে হয়তো বিশ্বকাপৰ দুৰ্লভ ট্ৰফী দাঙি লোৱাৰ এয়াই শেষ সুযোগ!

গতিকে ফাইনেলত স্থান ল’বলৈ মেছি আৰু মড্ৰিচৰ যুঁজ হৈ পৰিব এক কাব্যিক মহাৰণ য’ত ফুটবলৰ নন্দনতত্বই মাৰিব শেষ হাঁহি । আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিয়ে ফৰৱাৰ্ড আৰু মিডফিল্ড লাইনৰ মাজত এটা মুক্ত ভূমিকাত মেছিৰপৰা সৰ্বশ্ৰেষ্ঠখিনি আদায় কৰিবলৈ সক্ষম হৈছে যদিও ছেমিফাইনেলত মেছি মুখামুখি হ’ব এই বিশ্বকাপৰ সবাতোকৈ সবল মিডফিল্ডৰ ত্ৰিকোণ মড্ৰিচ, মাৰ্চেলো ব্ৰ’জ’ভিচ আৰু মেটিঅ’ কোভেচিচৰ ৷ তাৰ লগতে ছাছপেন্সনৰ বাবে স্কাল’নিয়ে নাপাব নিৰ্ভৰযোগ্য লেফ্‌টবেক মাৰ্কোছ আক্যুনাক ৷ হলেণ্ডৰ বিৰুদ্ধে অতিৰিক্ত সময়ত নমা আঘাতপ্ৰাপ্ত এনহেল ডি মাৰিয়া যদি সম্পূৰ্ণ সুস্থ তেন্তে ৰাইট উইঙত তেওঁ আৰম্ভ কৰাটো নিশ্চিত আৰু ইয়ে স্কাল’নিয়ে ৪জন নে ৫জন ডিফেণ্ডাৰেৰে আৰম্ভ কৰে তাক নিৰ্ধাৰণ কৰিব ৷

আৰ্জেণ্টিনাই এই পৰ্যন্ত ক্ৰোৱেচিয়াৰ দৰে সবল মিডফিল্ডৰ সন্মুখীন হোৱা নাই আৰু মড্ৰিচৰ সৃষ্টিশীলতাৰ লগতে ব্ৰ’জ’ভিচৰ অক্লান্ত শাৰীৰিক উপস্থিতি হ’ব এক প্ৰধান প্ৰত্যাহ্বান ৷ ব্ৰ’জ’ভিচৰ শাৰীৰিক উপস্থিতিৰে ক্ৰোৱেচিয়াই মিডফিল্ড দখল কৰাৰ লগতে ৰক্ষণতো কবচ পাই আহিছে ৷ ব্ৰ’জ’ভিচক দমনৰ বাবে এনজ’ ফাৰ্ণাণ্ডেজৰ টেক্‌ল আৰু ইন্টাৰচেপচনৰ অতীৱ প্ৰয়োজন হ’ব ৷ লগত লাগিব ৰড্ৰিগ’ ডি পলৰ প্ৰেছিঙো ৷ তাৰ লগত মেক এলিষ্টাৰে পালন কৰিব লাগিব খেল সজোৱাৰ ভূমিকা ৷ ইপিনে গ’ল কৰিবলৈ আৰ্জেণ্টিনাই পাৰ কৰিব লাগিব প্ৰতিযোগিতাৰ অন্যতম শক্তিশালী ৰক্ষণ ৷ যুৱ চেন্ট্ৰেল ডিফেণ্ডাৰ জ’ছক’ ভাৰ্ডিয়লৰ নেতৃত্বত ক্ৰোৱেচিয়াৰ ৰক্ষণে মেছি বা আলভাৰেজক বিন্দুমাত্ৰ ঠাই নিদিয়ে ৷ এই ক্ষেত্ৰত দুই উইংগাৰ নেহুৱেল মলিনা আৰু নিকোলাছ টাগলিয়াফাকোৱে ক্ৰোৱেচিয়াৰ ৰক্ষণক নিজৰ ফালে টানি সুৰুঙা উলিওৱাৰ চেষ্টা চলাব ৷ এই ক্ষেত্ৰত যাতে ব্ৰ’জ’ভিচে অতিৰিক্ত সহায় নকৰে সেয়া নিশ্চিত কৰিব লাগিব ফাৰ্ণাণ্ডেজে ৷

ইপিনে ক্ৰোৱেচিয়াৰ প্ৰশিক্ষক ডেলিচৰ ৰণনীতি হ’ব মিডফিল্ডত বল দখলত ৰখাৰ চেষ্টা চলাই সুযোগৰ অপেক্ষা কৰা ৷ মড্ৰিচৰ বল উলিওৱাৰ ক্ষমতা আৰু ব্ৰ’জ’ভিচৰ আগ্ৰাসী খেল তেওঁৰ মূল অস্ত্ৰ হ’ব ৷ তাৰ লগতে আক্যুনাৰ সলনি নামিব লগা লেফ্‌টবেক টাগলিয়াফাকোক লক্ষ্য কৰি সুৰুঙা উলিয়াবলৈ চেষ্টা কৰিব পাৰে তেওঁ ৷ এইক্ষেত্ৰত তেওঁ অভিজ্ঞ ইভান পেৰিছিচক নিয়োগ কৰিব পাৰে ৷ আৰ্জেণ্টিনাক বল দখলৰ বাবে অধিক আক্ৰমণৰ বাবে বাধ্য কৰি ৰক্ষণত সুৰুঙা উলিওৱাটো হ’ব তেওঁৰ মূল লক্ষ্য ৷

অৱশ্যে অধিনায়ক মেছিক বিশ্বকাপ ট্ৰফী দিবলৈ সৰ্বস্ব উজাৰি দিয়াৰ মানসিকতা থকা আৰ্জেণ্টিনাৰ মনোবল ভঙাটো উজু নহ’ব ৷ লগতে ডেলিচে কৈছে যে মেছিক তেওঁলোকে মেন মাৰ্ক নকৰে ৷ অৰ্থাৎ জ’নেল মাৰ্কিং কৰা হ’ব ৷ কিন্তু মেছিক যে সকলো সময় বান্ধি ৰখা সম্ভৱ নহয় আৰু দুই তিনিজন খেলুৱৈৰে জ’নেল মাৰ্কিং কৰা মানে ৰক্ষণত সুৰুঙা ৰোৱা সেয়া নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ উলিয়াই দিয়া অনবদ্য পাছটো প্ৰমাণ ৷ সেইবাবেই এই মেচ ৯০ মিনিটত সমান সমান হোৱাৰ সম্ভাৱনা থাকিলেও মেছিৰ আক্ৰমণাত্মক ধাৰৰ বাবেই ফলাফল আৰ্জেণ্টিনাৰ পক্ষে যোৱাৰ সম্ভাৱনা আছে ৷ এই মেচ কোনোপধ্যেই যাতে অতিৰিক্ত সময়লৈ নাযায় সেয়া এইবাৰ নিশ্চিত কৰিবলৈ হয়তো সংকল্পবদ্ধ আৰ্জেণ্টিনা ৷

সম্ভাব্য ফলাফল: আৰ্জেণ্টিনা ২-০ ক্ৰোৱেচিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply