বিশ্বকাপৰ গ্ৰুপ ই আছিল গ্ৰুপ অব্ ডেথ ৷ প্ৰাক্তন চেম্পিয়নদ্বয় স্পেইন আৰু জাৰ্মানীয়েই এই গ্ৰুপৰপৰা নক্‌আউটলৈ যোৱাৰ আগতীয়া দাবীদাৰ আছিল ৷ কিন্তু জাপানে সকলো ওলট পালট কৰি দিলে জাৰ্মানীক পৰাস্ত কৰি ৷ আকৌ জাৰ্মানী আৰু স্পেইনে ড্ৰ খেলি আৰু জাপান অপ্ৰত্যাশিতভাৱে কোষ্টাৰিকাৰ হাতত পৰাস্ত হৈ নতুন অংক আনি দিলে ৷ ফলত কালিৰ শেহৰ মেচকেইখন হৈ পৰিছিল শ্বাসৰুদ্ধকৰ থ্ৰীলাৰৰ দৰে ৷ শেষৰ মেচ ডে’ এই পৰ্যায়লৈ আহি পোৱাৰ পাছতো জাৰ্মানী আৰু স্পেইন থকা গ্ৰুপৰপৰা জাপান নক্‌আউটলৈ যোৱাৰ যদি কিহবাৰ বাবে সম্ভাৱনা আছিল সেয়া আছিল বুদ্ধিদীপ্ত আৰু আটিল ৰণনীতি ৷ সেই কথা জাপানৰ প্ৰশিক্ষক হাজিমে ম’ৰিয়াছুয়ে ভালকৈ জানিছিল৷

তেওঁ স্বীকাৰো কৰিছে যে বল দখলত ৰাখি প্ৰতিপক্ষৰ সুৰুঙা উলিওৱাত সিদ্ধহস্ত স্পেইনৰ বিৰুদ্ধে তেওঁৰ কৌশল আছিল ৰক্ষণ আৰু প্ৰত্যাক্ৰমণ ৷ সেইবাবেই তেওঁৰ ফৰ্মেচন আছিল ৩-৪-৩ ৷ মিডফিল্ড আৰু ৰক্ষণৰ মাজত নিকট বুজাবুজিৰে স্পেইনৰ সম্ভাব্য আক্ৰমণ ভোটা কৰি ৰখা আৰু সুযোগ পালেই মিডফিল্ডৰ সংখ্যা ব্যৱহাৰ কৰি স্পেইনৰ ৰক্ষণ ফালি দিয়া। অৱধাৰিতভাৱেই প্ৰথমৰে পৰা স্পেইনে খেলৰ গতি নিয়ন্ত্ৰণ কৰিছিল ৷ এফচি বাৰ্চিলোনাৰ দুই মিডফিল্ডাৰ পেড্ৰি আৰু গেৱিয়ে চেন্ট্ৰেল মিডফিল্ড চম্ভালা ছাৰ্জিঅ’ বুছকেট্‌ছৰ নেতৃত্বত বল দখল কৰি জাপানক কঠোৰ ৰক্ষণৰ বাবে বাধ্য কৰিছিল। ক্ৰমান্বয়ে পাঁচজন জাপানী খেলুৱৈয়ে এটা শাৰীত ৰক্ষণত লাগি পৰিছিল আৰু বক্সৰ বিপজ্জনক স্থানবোৰ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছিল ৷ এটা আক্ৰমণ ৰক্ষাৰ পাছত বিব্ৰত হৈ পৰা জাপানী ৰক্ষণ ভেদ কৰি ১২ মিনিটত ৰাইটবেক চিজা এজপিলাকুৱেটাৰ এটা ক্ৰছত এটা সুন্দৰ হেডেৰে ষ্ট্ৰাইকাৰ আলভাৰো ম’ৰাটাই স্পেইনক অগ্ৰগতি দিয়ে ৷

কিন্তু প্ৰথমাৰ্ধ শেষ হোৱালৈ স্পেইনৰ দুৰ্বলতা চকুত পৰি গৈছিল ম’ৰিয়াছুৰ। বল দখলত ৰাখি ৰক্ষণৰপৰা বিল্ডআপ গেম গঢ় দিয়াৰ প্ৰৱণতাই স্পেইনৰ ৰক্ষণক সময়ে সময়ে যে অন্যমনস্ক কৰে সেয়া তেওঁ ধৰি পেলাইছিল । সেয়ে দ্বিতীয়াৰ্ধত জাৰ্মানীৰ বিৰুদ্ধে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰই তেওঁ আকৌ আনিলে ৷ জাৰ্মানীৰ বিৰুদ্ধে মেচৰ দুই হিৰো কাওৰু মিটোমা আৰু ৰিট্‌ছু ডোৱানক নমোৱাৰ পাছতে খেলৰ গতি সলনি হৈ গ’ল ৷ বলসহ বা বল অবিহনে দুয়ো পৰিস্থিতিতে জাপানৰ প্ৰেছিং বৃদ্ধি পালে আৰু স্পেনিছ ৰক্ষণ থৰকবৰক হ’বলৈ ধৰিলে ৷ ৪৮ মিনিটত জাপানৰ বৰ্ধিত প্ৰেছিঙৰ বাবেই স্পেনিছ গ’লকীপাৰ ছিমনে দিয়া এটা দুৰ্বল পাছ আলেহান্দ্ৰো বাল্ডেই ক্লীয়েৰ কৰাত ব্যৰ্থ হ’ল আৰু ডোৱানে তাক আয়ত্ত কৰি বক্সৰ ভিতৰত সোমাই এটা কোবাল শ্বটেৰে সমতা স্থাপন কৰে। পুনৰ ইয়াৰ তিনি মিনিটৰ পাছতে জাপানক অগ্ৰগতি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লয় ডোৱানে৷

ইতিমধ্যে বিব্ৰত হৈ পৰা বাল্ডেক পুনৰ পৰাস্ত কৰি তেওঁ বাঁওদিশে বল মিটোমালৈ ঠেলি দিয়ে আৰু আও টানাকাই মিটোমাই কাট কৰি দিয়া বল আয়ত্ত কৰি গ’লটো দিয়ে ৷ এই গ’লটো প্ৰথমে পাছিঙৰ সময়ত বল বাহিৰলৈ যোৱা বুলি বাতিল হৈছিল যদিও পিছত ভিএআৰে জাপানৰ পক্ষে গ’লটো প্ৰদান কৰে ৷ কিয়নো ফিফাৰ নিয়ম মতে বল বাহিৰলৈ গ’লেও গোলাকাৰ অংশ লাইনৰ ওপৰত থাকিলে সেয়া ফিল্ডৰ বাহিৰ হোৱা বুলি ধৰা নহয় । এই গোটেই মেচখনত পৰিসংখ্যাৰ ফালৰ পৰা স্পেইনৰ একাধিপত্য আছিল ৷ স্পেইনে খেলিছিল ১০৫৮টা পাছ ৷ জাপানে ২২৮টা। বল দখলৰ হাৰ স্পেইনৰ ৮৩ শতাংশ। জাপানৰ ১৭ শতাংশ ৷ ইমান কম বল দখলেৰে বিশ্বকাপত কোনো দলে এতিয়ালৈকে মেচ জিকা নাই । ইয়ে প্ৰমাণ কৰে ম’ৰিয়াছুৰ ৰণনীতিৰ কুশলতা ৷ স্পেইনৰ সমস্যা হ’ল আক্ৰমণত দলটোৰ গভীৰতা নাই ৷ মোৰাটাক বাদ দি নাই কোনো মৌলিক গ’লদাতা ৷

পূৰ্বানুমান: ৰাউণ্ড অব্‌ ছিক্সটিনত জাপানৰ প্ৰতিদ্বন্দ্বী যোৱাবাৰৰ ৰাণাৰ্ছআপ ক্ৰোৱেচিয়া ৷ কিন্তু যোৱাবাৰৰ চোক নাই লুকা মড্ৰিচৰ দলটোৰ ৷ স্বাভাৱিকতে ক্ৰোৱেচিয়াই বল দখলত ৰাখিয়েই জিকাৰ চেষ্টা চলাব ৷ আৰু জাপানে ল’ব ৰক্ষণ আৰু প্ৰত্যাক্ৰমণ ৷ যদিহে ৰণনীতি সফল হয় আৰু দুই ব্ৰহ্মাস্ত্ৰ মিটোমা আৰু ডোৱান সফল হয় জাপানে কোৱাৰ্টাৰ ফাইনেল খেলাটো অসম্ভৱ নহয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply