নিউজ ডেস্ক – ব্ৰিটেনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু হ’ল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছিল ৰাণী এলিজাবেথ। এইখবৰ ইতিমধ্যে বাকিংহাম পেলেচৰ পৰিচালনা পৰিষদলৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখ্য যে মৃত্যুৰ সময়ত ৰাণী স্কটলেণ্ডৰ বালম’ৰেল পেলেচত আছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বৃহস্পতিবাৰে, ৰাজকুমাৰী চাৰ্লছ, ৰাজকুমাৰী উইলিয়াম আৰু ৰাজকুমাৰী চাৰ্লছৰ পত্নী কেমিলা বালম’ৰেল পেলেচলৈ ৰাওনা হৈছিল। আজি কিছুসময় পূৰ্বে ছ’চিয়েল মিডিয়াযোগে উল্লেখ কৰা হৈছিল যে ৰাণীৰ আবেলি মৃত্যু হৈছে। তেওঁৰ মৃতদেহ কাইলৈ লণ্ডনলৈ ঘূৰাই পঠিওৱা হ’ব।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে চিকিৎসকে কৈছিল যে ৰাণীক বিশেষ নিৰীক্ষণত ৰখা হৈছে। তেওঁৰ শাৰীৰিক অৱস্থা কিছু সময়ৰ বাবে অস্থিৰ হৈ পৰিছিল। বিগত বৰ্ষৰ পৰা তেওঁ ভালকৈ খোজ কাঢ়িব পৰা নাছিল।
উল্লেখ্য যে চৰকাৰে বুধবাৰে বৈদেশিক মন্ত্ৰীসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। অৱশ্যে, ৰাণীৰ শাৰীৰিক অসুস্থতাৰ বাবে সভাখন বাতিল কৰা হৈছিল। চিকিৎসকে তেওঁক বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছিল।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰিছে –
উল্লেখ্য যে তেওঁ হৈছে বিশ্বৰ প্ৰথম কোনো ৰাজপৰিয়ালৰ সদস্য,যিয়ে ইমান দীঘলীয়া সময়ৰ বাবে শাসন কৰিছে। ৯৬ বছৰ বয়সত মৃত্যুবৰণ কৰা ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে ৰাণী হিচাপে তেওঁ মাত্ৰ ২৫ বছৰ বয়সত ব্ৰিটেইনৰ সিংহাসনত বহিছিল।
তেতিয়াৰ পৰাই, তেওঁ ব্ৰিটেইনত সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এক মুখ্য ব্যক্তি হিচাপে নিজৰ প্ৰভাৱ ৰাখি আহিছে। আধুনিক ব্ৰিটেইনৰ উপৰিও তেওঁ ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী অতীতৰ সাক্ষী হৈ আহিছে। তেওঁক ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ আটাইতকৈ জনপ্ৰিয় সদস্য বুলিও গণ্য কৰা হয়। যদিও বাৰে বাৰে বিভিন্ন সময়ত তেওঁৰ গাদী এৰি যোৱাৰ বাবেও সৰৱ হয় ব্ৰিটেইনবাসী।
দেওবাৰে তেওঁৰ পিতৃৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। সেয়েহে, দ্বিতীয় এলিজাবেথৰ ৭০ বছৰীয়া শাসনকালত ব্ৰিটেইনে বিশেষ ধুমধাম দেখা ন’গল। অৱশ্যে, জুনৰ আৰম্ভণিতে ৭০ বছৰীয়া ৰাজত্ব কাল উপলক্ষে চাৰিদিনীয়া উৎসৱৰ পৰিকল্পনা কৰা হৈছিল, যাৰ ভিতৰত আছে সামৰিক কুচকাৱাজ আৰু এক সংগীতানুষ্ঠান। তেওঁৰ কৃতিত্ব চিৰদিনৰ বাবে স্মৰণীয় কৰি তুলিবলৈ ইতিমধ্যে এটা স্মাৰক মুদ্ৰাৰো সৃষ্টি কৰা হৈছিল।

এই বছৰ তেওঁ বৰদিন আৰু নৱবৰ্ষত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ স’তে সময় কটোৱাৰ বাবে ‘চেন্দ্ৰিংহাম’ প্ৰাসাদলৈ যোৱাৰ কথা আছিল। কিন্তু ব্ৰিটেইনত, অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ বাবেই এই ভ্ৰমণটো পিছুৱাই দিয়া হ’ল।