নিউজ ডেস্ক: ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে নতুন দিল্লীত  নবীকৰণযোগ্য শক্তিৰ মহিলা: নীতি, প্ৰযুক্তি, দক্ষতা, আৰু বিত্তৰ ওপৰত এক আলোচনা” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় শক্তি আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী আৰ কে সিঙে নবীকৰণযোগ্য শক্তি খণ্ডত ভাৰতৰ মূল সাফল্যৰ কথা উল্লেখ কৰি তেওঁ মহিলাসকলক নবীকৰণযোগ্য শক্তি খণ্ডত অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ শক্তি পৰিৱৰ্তনক নেট জিৰ’ৰ দিশত আগুৱাই নিবলৈ আহ্বান জনায়।

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াত মহিলাৰ ভূমিকাক আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে নবীকৰণযোগ্য শক্তি খণ্ডত মহিলাকেন্দ্ৰিক নীতি আৰু ৰূপায়নৰ কাঠামো গঢ়ি তোলাৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মহিলাসকলে কেনেকৈ সম্প্ৰদায়ৰ সংযোগ আৰু ঘৰুৱা পৰ্যায়ৰ কাৰ্য্যৰ জৰিয়তে তৃণমূল পৰ্যায়ত পৰিৱৰ্তন আনিবলৈ অধিক ফলপ্ৰসূ হয়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে বিকেন্দ্ৰীকৃত নবীকৰণযোগ্য শক্তিৰ দ্বাৰা উপকৃত হ’ব পাৰে আৰু নিৰ্ভৰযোগ্য জীৱিকাৰ সুযোগ লাভ কৰিব পাৰে। মহিলাসকলে সেউজীয়া ৰন্ধন প্ৰণালীলৈ যোৱাৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব পাৰে যিটো নেট জিৰ’ লাভৰ আন এক ডাঙৰ পদক্ষেপ হ’ব পাৰে।

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে নবীকৰণযোগ্য শক্তি খণ্ডত মহিলাসকলৰ কাম-কাজক তলত উল্লেখিত শিতানসমূহৰ অধীনত স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে।

  • লিংগ-বৈচিত্ৰ্যপূৰ্ণ কৰ্মক্ষেত্ৰৰ লালন-পালন
  • অসাধাৰণ মহিলা উদ্যোগী (ষ্টাৰ্ট-আপকে ধৰি আৰু গ্ৰাম্য অঞ্চল বাদ দি)
  • গ্ৰাম্য মহিলা উদ্যোগী
  • নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ বাবে মহিলাসকলক উৎসাহিত কৰা এন জি অ’ বা নাগৰিক সমাজৰ সংগঠন
  • নবীকৰণযোগ্য শক্তিৰ বাবে পৰিৱৰ্তনৰ নেতৃত্ব দিয়া মহিলা, চহৰ আৰু গ্ৰাম্য অঞ্চলত পৃথকে পৃথকে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply