লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পনৰ লগে লগে আটক কৰে ৰাহুল ছেত্ৰীক
অৱশেষত আত্মসমৰ্পন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে।
তিনিচুকীয়াৰ লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পনৰ লগে লগে আটক কৰে আৰক্ষীয়ে।
আত্মসমৰ্পন কৰিয়ে ৰেগিং কাণ্ডত জড়িত নথকাৰ দাবী কৰে ৰাহুল ছেত্ৰীয়ে। তেওঁ কয়, “মোৰ কোনো ভুল নাই”।
যোৱা ২৭ নৱেম্বৰৰ পৰাই পলাতক অৱস্থাত আছিল ছাত্ৰগৰাকী।
এনকাউন্টাৰৰ ভয়ত নিৰাপত্তাহীনতাত ভোগা বাবে যোৱা ৮ দিনে আত্মগোপন কৰি আছিল ৰাহুলে। সামাজিক মাধ্যমত ৰাইজে তেওঁক আলফাৰ লগত জড়িত থকা বুলি ভুৱা অভিযোগ তোলাৰ কথাও উল্লেখ কৰে ছাত্ৰগৰাকীয়ে।
আত্মসমৰ্পন কৰি ভুক্তভোগী আনন্দ শৰ্মাৰো ন্যায় বিচাৰে ৰাহুল ছেত্ৰীয়ে।