নিউজ ডেস্ক: সামাজিক মাধ্যমত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ৰাহুল গান্ধীক এখন ট্ৰাকত বহি থকা দেখা গৈছে ।
জানিব পৰামতে ৰাহুল গান্ধীয়ে ট্ৰাকত বহি চণ্ডীগড়ৰ পৰা আম্বালা লৈ যাত্ৰা কৰিছিল ।
সোমবাৰে নিশা দিল্লীৰ পৰা চণ্ডীগড়লৈ ৰাওনা হৈছিল কংগ্ৰেছ নেতাগৰাকী । ভিডিঅ’টো সেই সময়তে প্ৰস্তুত কৰা হৈছিল । সেইসময়ত ৰাহুল গান্ধীয়ে ট্ৰাকচালকসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যাৰ বুজ ল’বলৈ ট্ৰাকত ভ্ৰমণ কৰিছিল।

গান্ধীয়ে মঙলবাৰে পুৱা আম্বালা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আম্বালা চহৰৰ এখন গুৰদ্বাৰাৰ সমীপতো ৰৈ তাতেই প্ৰণাম কৰে।
কংগ্ৰেছে কয় যে ভাৰতত প্ৰায় ৯০ লাখ ট্ৰাক চালক আছে। তেওঁলোকৰ নিজস্ব সমস্যা আছে। ৰাহুল গান্ধীয়ে তেওঁলোকৰ ‘মন কি বাত’ শুনা কামটো কৰিলে।’