নিউজ ডেস্ক: লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে যেন দেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি কৰি দিলে কংগ্ৰেছে। এক বৃহৎ জয়ৰ দিশে আগবঢ়া কংগ্ৰেছে যেন এতিয়া তাৰে ইংগিত বহন কৰিছে। দ্যা কেৰালা ষ্ট’ৰীৰ দৰে চিনেমাৰ নাম ব্যৱহাৰ কৰিও যেন প্ৰধানমন্ত্ৰী মোদী সফল নহ’ল। বিজেপি পৰাজয় মুখ দেখাওৱাবলৈ সক্ষম হোৱা কংগ্ৰেছক ভাৰতৰ প্ৰত্যেকটো দলৰ নেতৃত্বই দিছে শুভেচ্ছা।
ৰাহুল গান্ধীয়ে প্ৰভাৱশালী ৰূপে দেশৰ আগত ভাৰত জোড়ো যাত্ৰাৰ কৰিছিল। বিজেপিয়ে মানি লোৱা নাছিল কিন্তু কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনত ইয়াৰ ফলাফল সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে। কিছুসময়ৰ পূৰ্বে পাহুল গান্ধীয়ে সাংবাদ মাধ্যমৰ আগত আহি তেওঁ কয় যে, কৰ্ণাটকত ঘৃণা বজাৰ বন্ধ হৈছে প্ৰেমৰ দোকান খোল খাইছে। এইয়া কৰ্ণাটকবাসীৰ জয়। আমি নিৰ্বাচনৰ প্ৰচাৰত ৫ টা গেৰাণ্টী কথা কৈছিলোঁ, আমি এই সকলো পাঁচটা গেৰাণ্টী প্ৰথম কেবিনেট বৈঠকত কাৰ্যকাৰী কৰিম।
ইফালে, নৱজ্যোৎ সিঙ সিদ্ধুয়ে কয়, ৪০ শতাংশ কমিচন, দুৰ্নীতি আৰু বিজেপিৰ দম্ভালিৰ বিৰুদ্ধে কৰ্ণাটকৰ ৰাইজে ভোট দিলে। লগতে তেওঁ কয়, ৰাহুল বাবা মানুহক এনেকৈ ৰাজহুৱা ভাৱে অপমানিত কৰি বিজেপিয়ে ভোট বিচাৰে। কিন্তু ৰাইজে এইবাৰ বিজেপিক নাকচ কৰিলে।
ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে ২০২৪ চনৰ দেশৰ ফলাফলৰ বাট কাটক। ৰাইজক হিংসা আৰু ঘৃণাৰ পৰা মুক্তি লাগে। ধন্যবাদ কৰ্ণাটক। অভিনন্দন কংগ্ৰেছ।
আনহাতে আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো আগতেই গম পাইছিল কৰ্ণাটকত বিজেপিৰ ফলাফলৰ কথা। তেওঁ কয় যে, মই প্ৰচাৰ চলোৱা সমষ্টিত ফলাফল ভাল। ৰাজ্য অনুযায়ী ফলাফল বেলেগ বেলেগ হ’বই। ৩ মাহ আগতেই কৰ্ণাটকৰ ফলাফলৰ উমান পাইছিলোঁ।
লগতে পঢ়ক – আমি লক্ষ্য স্থানত উপনীত হ’ব নোৱাৰিলোঁ- বাসৱৰাজ বোম্বাই