নিউজ ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি তেওঁৰ চৰকাৰী বাংলো লোকসভা সচিবালয়ক হস্তান্তৰ কৰিব। সূত্ৰ অনুসৰি, তেওঁ শুক্ৰবাৰে বাংলোৰ পৰা ইতিমধ্যে সকলো সামগ্ৰী খালী কৰিছে। এতিয়া ৰাহুল গান্ধী মাক ছোনিয়া গান্ধীৰ সৈতে ঘৰত বাস কৰি আছে। ৰাহুল প্ৰথমবাৰৰ বাবে ২০০৪ চনত আমেঠিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল। তেতিয়াৰ পৰা, তেওঁ তুঘলক ৰোড লেনৰ একেটা চৰকাৰী বাংলোত বাস কৰি আছিল।

দৈনিক ভাস্কৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ৰাহুলে তেওঁৰ কাৰ্যালয়ৰ বাবে এটা নতুন ঠাই বিচাৰি আছে।

সংসদ এৰি যোৱাৰ পিছত, ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত চৰকাৰী বাংলোটো খালী কৰিবলৈ কোৱা হৈছিল। ১৪ এপ্ৰিলত, ৰাহুলে তেওঁৰ বেছিভাগ সামগ্ৰী মাক ছোনিয়া গান্ধীৰ ১০, জনপথৰ বাসগৃহলৈ স্থানান্তৰ কৰিছিল।

উল্লেখ্য যে, চুৰাট আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰে। যাৰ বাবে এতিয়া ৰাহুলে উচ্চ ন্যায়ালয়ত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আপীল কৰিব।

লগতে পঢ়ক – অংকিতাক লৈ কংগ্ৰেছত উলম্ব বিভাজন! সভাপতিৰ বিপৰীতে ভাষ্য কাৰ্যকৰী সভাপতিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply