২০১৯ চনত মোডী উপাধি সন্দৰ্ভত কৰা মন্তব্যক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল। এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ আদালতে তেওঁক ৩০ দিনৰ জামিন প্ৰদান কৰিছিল। তাৰ এদিন পিছতে তেওঁক লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হয়। ইয়াৰ পাছতে বিৰোধী দলৰ মাজত বিবাদৰ সৃষ্টি হৈছিল।
গুজৰাটৰ আদালতৰ নিৰ্দেশনাৰ পাছতে ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী লগতে কংগ্ৰেছ শসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আশোক গেহলট, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং চুখুৰ সৈতে আজি চুৰাতৰ এখন আদালতত কংগ্ৰেছ নেতা গৰাকী উপস্থিত হয়।
আদালতত তেওঁক প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা আৰ এছ চিমাই।
চুৰাতৰ এখন আদালতে প্ৰকাশ কৰা ৰায়ৰ আধাৰত ৰাহুল গান্ধীয়ে তেওঁৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই আজি আদালতত তেওঁৰ শুনানি দাখিল কৰে।
তাৰ পাছতে চুৰাট আদালতে ১৩ এপ্ৰিলত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি ৰায় প্ৰদান কৰে।