২০১৯ চনত ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকত এখন জনসভাত ‘মোদী উপাধি’ক লৈ এক মন্তব্য কৰিছিল। এই মন্তব্যৰ বিৰোধিতা কৰি বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। চাৰি বছৰ পিছত ২৩ মাৰ্চত ছুৰাটৰ নিম্ন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২ বছৰৰ শাস্তি ঘোষণা কৰিছিল।

ৰাহুল গান্ধীয়ে ২ এপ্ৰিলত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে ছুৰাট ছেছন ক’ৰ্টৰ কাষ চাপিছিল। ৰাহুল গান্ধীয়ে দুখন আবেদন দাখিল কৰিছিল।

প্ৰথমখনত শাস্তিৰ বিৰোধিতা কৰি আবেদন কৰিছিল আৰু দ্বিতীয়খনত আবেদনৰ নিষ্পত্তি নোহোৱালৈকে দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা হৈছিল।

অতিৰিক্ত ছেছন ন্যায়াধীশ আৰ পি মোগেৰাৰ আদালতে ১৩ এপ্ৰিলত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ২০ এপ্ৰিললৈ সিদ্ধান্ত সংৰক্ষিত ৰাখিছিল।

আজি চুৰাট চেচনছ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ বাবে কৰা আবেদন খাৰিজ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply