নিউজ ডেস্ক: ২০২৩ চনৰ মে’ মাহত ১৩১.৫০ মেট্ৰিক টন লোডিঙৰ বিপৰীতে ১৩৪ মেট্ৰিক টন উৎপত্তিমূলক মালবাহী বোজা লাভ কৰা হৈছে, যিটো যোৱা বছৰৰ তুলনাত প্ৰায় ২% উন্নতি। ২০২২ চনৰ মে’ মাহত ১৪০৮৩.৮৬ কোটি টকা মালবাহী উপাৰ্জনৰ বিপৰীতে ২০২৩ চনৰ মে’ মাহত ১৪৬৪১.৮৩ কোটি টকা লাভ কৰা হৈছে।
চলিত বৰ্ষৰ এপ্ৰিল–মে’ৰ পৰা ক্ৰমবৰ্ধমান ভিত্তিত যোৱা বছৰৰ ২৫৩.৪৮ মেট্ৰিক টন লোডিঙৰ বিপৰীতে ২৬০.২৮ মেট্ৰিক টন মালবাহী লোডিং লাভ কৰা হৈছে। বিগত বৰ্ষৰ তুলনাত ৰে’লৱে ২৭০৬৬.৪২ কোটি টকাৰ বিপৰীতে ২৮৫১২.৪৬ কোটি টকা উপাৰ্জন কৰিছে।
আই আৰ কয়লাত ৬৫.৮৯ মেট্ৰিক টন, লোহাৰ অক্সাইডত ১৫.২৩ মেট্ৰিক টন, চিমেণ্টত ১৩.২০ মেট্ৰিক টন, অন্যান্য সামগ্ৰীত ১০.৯৬ মেট্ৰিক টন, কণ্টেইনাৰত ৬.৭৯ মেট্ৰিক টন, সাৰত ৪.৮৯ মেট্ৰিক টন, খাদ্য শস্যত ৪.৮৫ মেট্ৰিক টন আৰু খনিজ তেলত ৪.২৩ মেট্ৰিক টন।
“Hungry For Cargo” মন্ত্ৰ অনুসৰণ কৰি আই আৰ এ ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ লগতে প্ৰতিযোগিতামূলক মূল্যত সেৱা প্ৰদানৰ উন্নতিৰ বাবে স্থায়ী প্ৰচেষ্টা চলাইছে।