নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় একতাক অধিক মাত্ৰা প্ৰদানৰ উদ্দেশ্য সাৰোগত কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ নেতৃত্বত ‘ৰাজভৱন অসম’য়ে শুক্ৰবাৰে ইয়াৰ ‘দৰবাৰ হল’ত ‘তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস’ উদযাপন কৰে। মন কৰিব লগীয়া যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ৰাজভৱনসমূহত বিভিন্ন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসসমূহ উদযাপন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ অংশ হিচাপে ‘ৰাজভৱনঅসম’য়ে তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ  দিহা কৰিছিল।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি অধ্যক্ষ দৈমাৰীয়ে তেলেংগানা ৰাজ্য গঠনৰ ইতিহাসৰ বিষয়ে বিতং ভাৱে কয়। তেওঁ লগতে অসম আৰু তেলেংগানাৰ মাজত থকা বন্ধুত্ব আৰু দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে।  তেওঁ দেশৰ প্ৰগতিৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু লগতে অসম আৰু তেলেংগানা দুয়োখন ৰাজ্যই একেলগে কাম কৰি ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হোৱাৰ পৰত এখন উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় যে অসমত বাস কৰা তেলেংগানাৰ বহু সংখ্যক লোকে অসমৰ বিকাশত অৰিহণা যোগাই আহিছে। একেদৰে, তেলেংগানাত বাস কৰা অসমৰ লোকসকলেও যথেষ্ট অৱদান আগবঢ়াই আছে।

ৰাজ্যপালৰ আয়ুক্ত আৰু সচিব এছ এছ মীনাক্ষী সুন্দৰমে আদৰণি ভাষণ প্ৰদান কৰে। কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লি, এনআইআৰডিপিআৰৰ সহযোগী অধ্যাপক, এনইআৰচি ড০ টি বিজয় কুমাৰ, উপ সংমণ্ডল অভিযন্তা বেণু গোপালেও অনুষ্ঠানটোত ভাষণ আগবঢ়ায়প্ৰদান কৰে।

তেলেংগানাৰ জীৱন্ত সংস্কৃতিৰ আভাস দাঙি ধৰি সাংস্কৃতিক অনুষ্ঠানও উপস্থাপন কৰা হয়। অসম চৰকাৰৰ বিত্ত সচিব শ্ৰীমতী লায়া মাদ্দুৰী, ‘অসম তেলেগু এছ’চিয়েশ্যন’ৰ সভাপতি পি শ্ৰীনিবাস ৰেড্ডী, ‘আইআইআইটি’, ‘সাই বিকাশ প্ৰতিষ্ঠান’ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলেও দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক – উৰিষ্যাৰ ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩৩ জনলৈ বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply