নিউজ ডেস্কঃ ৰাজস্থানৰ ১৯ বছৰীয়া নন্দিনী গুপ্তাই ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। নন্দিনী গুপ্তাৰ এই খিতাপ অৰ্জনৰ পিছতেই দেশৰ ৫৯ তম মিছ ইণ্ডিয়া হিচাপে পৰিগণিত হৈছে।

ইফালে ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ত দিল্লীৰ শ্ৰেয়া পুঞ্জা প্ৰথম ৰানাৰ-আপ অৰ্জন কৰাৰ লগতে মণিপুৰৰ ষ্ট্ৰেলা থাউনা ওজাম লুৱাঙয়ে দ্বিতীয় ৰানাৰ-আপ হিচাপে স্থান দখল কৰিবলৈ সক্ষম হয়।
নন্দিনীৰ বিজয়ৰ পিছত মিছ ইণ্ডিয়া ২০২২ চিনি চেট্টীয়ে তেওঁক মুকুট পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, এইবাৰ ফেমিনা মিছ ইণ্ডিয়া ২০২৩ ৰ আয়োজন মণিপুৰত কৰা হৈছিল। মণিপুৰত আয়োজন হোৱা এই সৌন্দৰ্যৰ প্ৰতিযোগিতাত দেশৰ ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল।
নন্দিনীৰ এই বৃহৎ জয়ৰ পিছতেই মিছ ৱৰ্ল্ডৰ পৰৱৰ্তী ছিজনত দেশক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে।

মিছ ইণ্ডিয়া ২০২৩ নন্দিনী গুপ্তা ৰাজস্থানৰ কোটা চহৰৰ বাসিন্দা। তাই মডেলিংৰ লগতে অধ্যয়নতো সমানে মনোনিৱেশ কৰিছে। ছেইণ্ট পলছ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু বৰ্তমান লালা লাজপত ৰায় মহাবিদ্যালয়ৰ পৰা ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন কৰি আছে।
লগতে পঢ়ক – যোৱা ২৪ ঘণ্টাত ১০,০৯৩ জন লোকক কোভিড প’জিটিভ চিনাক্ত