নিউজ ডেস্ক- বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছে শামশাবাদৰ বিমানবন্দৰক। হায়দৰাবাদৰ শামশাবাদস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক বিশ্বৰ ভিতৰতে আটাইতকৈ সময়নিষ্ঠ বিমানবন্দৰ হিচাপে বিশেষ স্বীকৃতি প্ৰদান কৰা হয়।
এভিয়েচন এনালিটিকেল ইনষ্টিটিউট ‘চিৰিয়াম’ৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি শামশাবাদ বিমানবন্দৰে মাৰ্চত ৯০.৪৩ শতাংশ অন-টাইম প্রদর্শন দেখুৱাইছে। সময়নিষ্ঠতা ৯০ শতাংশৰ সীমা অতিক্ৰম কৰা ই একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
তথ্য অনুসৰি, বিমানবন্দৰটো বিগত বৰ্ষৰ নৱেম্বৰ মাহত সময়নিষ্ঠতা সূচকত ৮৮.৪৪ শতাংশৰ সৈতে চতুৰ্থ স্থানত আছিল যদিও মাত্ৰ চাৰি মাহৰ ভিতৰতে ই শীর্ষ স্থান দখল কৰিবলৈ সক্ষম হয়।
বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ ফনিকাৰে কয়, “এই ৩ টা দিশত শামশাবাদ বিমানবন্দৰ সৰ্বশ্ৰেষ্ঠ। কোনো বাধা নোহোৱা ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ আৰু যাত্ৰীসকলে সময়মতে তেওঁলোকৰ গন্তব্য স্থানত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ বিমানবন্দৰ কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে সময়ে সময়ে নতুন প্রযুক্তিগত উদ্ভাৱন কাৰ্যকৰী কৰি কাৰ্য ক্ষমতা উন্নত কৰাও হৈছে।”