গুৱাহাটী : গুৱাহাটীত বিস্ফোৰক মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনৰ। সন্ত্রাসবাদী আৰু বিজেপি ভাই ভাই বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনৰ। সন্ত্রাসবাদ বা উগ্রপন্থাৰ দৰে গুৰুতৰ বিষয়সমূহক লৈ ৰাজনৈতিক খেল খেলি মুনাফা আদায় কৰাৰ পক্ষপাতি নহয় ভাৰতীয় জাতীয় কংগ্রেছ। কিন্তু আজিৰ প্ৰেক্ষাপটত ধাৰাবহিকভাৱে সন্ত্রাসবাদী কার্যকলাপৰ সৈতে জড়িত থাকি ধৰা পৰা একাংশ ব্যক্তিৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে সম্পর্ক বজাই ৰাখিছে তাৰ পটভূমিত শাসনাধিষ্ঠিত দলটোৰ ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাটোক লৈ কেতবােৰ প্রত্যক্ষ প্রশ্নৰ উদ্রেক হৈছে বুলি মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র গৰাকীৰ।
শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনে কয় আজিৰ পৰা কিছুদিনৰ আগতে ৰাজস্থানৰ উদয়পুৰত কানহায়ালাল নামৰ এগৰাকী দর্জীক নৃশংসভাৱে হত্যা কৰা হত্যাকাৰীৰ দলটোৰ এজন সদস্য আছিল বিজেপি কর্মকর্তা মহম্মদ ৰিয়াজ আটাৰী। ৰাজস্থান বিধান সভাৰ বিজেপি দলৰ নেতা তথা প্রাক্তন মন্ত্রী গুলাচান্দ কাটাৰিয়াৰ উপস্থিতিতে হত্যাকাৰী মহম্মদ ৰিয়াজে বিজেপিৰ সদস্য পদ গ্রহণ কৰিছিল। সংবাদ মাধ্যমৰ মতেই উক্ত হত্যাকাৰী মহম্মদ ৰিয়াজক বিজেপিৰ বিভিন্ন কার্যসূচীত দলীয় নেতৃবৰ্গৰ সৈতে সততে দেখা গৈছিল। জম্মু কাশ্মীৰত গাঁওবাসীয়ে আটক কৰা লস্কৰই-তৈবাৰ সদস্য তালিৰ হুছেইন শাহ বিজেপি দলীয় কর্মকর্তা বুলি ইতিমধ্যে ওলাই পৰিছে। ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতাসকলৰ সৈতে তালিৰ হুছেইন শ্বাহে দলৰ কেন্দ্রীয় নেতা অমিত শাহৰ লগত উঠা ফটো ইতিমধ্যে সর্বত্র প্রকাশ পাইছে। এজন সন্ত্রাসবাদীয়ে স্বীকাৰ কৰিছে যে বর্তমান চলি থকা অমৰনাথ যাত্ৰাৰ তীর্থাত্ৰীসকলক আক্রমণ কৰাৰ প্রস্তুতিত এই তালিব হুছেইন শাহ জড়িত হৈ আছিল বুলি কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয়।
সংবাদ মাধ্যমত প্রকাশ পাইছে যে মহাৰাষ্ট্রৰ অমৰাৱতীৰ ‘কেমিষ্ট’ উমেশ কোহলীৰ হত্যাকাণ্ডৰ মূল মাষ্টামাইণ্ড’ ইফান খান নির্দলীয় সাংসদ নৱনীত ৰাণা আৰু তেওঁৰ স্বামী ৰবি ৰাণাৰ সৈতে সম্পর্কিত। হনুমান চালিছা’ পাঠক লৈ জনাজাত হৈ পৰা ৰাণা সম্পতিৰ সৈতে বিজেপিৰ গভীৰ সম্পৰ্কৰ কথা ইতিমধ্যে দেশজুৰি সদৰী হৈ পৰিছে। উক্ত ৰাণা দম্পতিৰ বাবে নির্বাচনী প্রচাৰ অভিযানত ইফান খানে বিশেষ ভূমিকা পালন কৰিছিল। ২০২০ চনত জম্মু কাশ্মীৰত ‘হিজবুল মুজাহিদিন’ৰ কামাণ্ডাৰ নৰীদ বাৰুৰ হৈ অস্ত্র ক্রয় অভিযােগত বিজেপি নেতা তথা গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতি তাৰিক আহমেদ মীৰ গ্ৰেপ্তাৰ কৰা হৈছিল। ‘হিজবুল মুজাহিদিনৰ কামাগুৰি নবীদ বাবু ইয়াৰ আগেয়ে ডিএছপি দাভিদৰ সিঙৰ সৈতেও সন্ত্রাসবাদীলৈ অস্ত্র যােগানৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ’ তেতিয়া নিশ্চিত কৰিছিল যে তাৰিক আহমেদ মীৰ ডি এম পি দাভিন্দৰ সিঙৰ এগৰাকী ঘনিষ্ঠ সহযােগী। দাভিন্দৰ সিঙ গােচৰৰ তদন্ত সম্পূর্ণ হােৱা হ’লেই সত্য উদঘাটন হ’লহেঁতেন। কিন্তু হঠাতে তদন্ত প্রক্রিয়া বন্ধ কৰি দিয়া হ’ল বুলিও কয় কংগ্ৰেছ নেত্ৰী গৰাকীয়ে।
২০১৭ চনত মধ্যপ্রদেশৰ ‘এন্টি টেজিম স্কোড’ (এ টি এছ) এ অবৈধ টেলিফোন একছেঞ্জৰ ৰহস্য উদঘাটন কৰোঁতে আই এছ আইৰ ১১ জন সদস্য গ্রেপ্তাৰ হৈছিল। তাৰ মাজত বিজেপি আইটি চেলৰ সক্রিয় সদস্য ধ্ৰুৱ ছাকছেনাও আছিল। এই ধ্ৰুৱৰ ফটো মহাৰাষ্ট্ৰৰ প্রাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ লগতাে দেখা গৈছিল। ইয়াৰ ঠিক দুবছৰৰ পিছত, ২০১৯ চনত মধ্যপ্রদেশৰ সন্ত্রাসবাদীক ধন যােগানৰ অভিযােগত বজৰং দলৰ নেতা বলৰাম সিং গ্ৰেপ্তাৰ হৈছিল। ২০১৭ চনত এন আই এ’ৰ বিশেষ আদালতে অসমত সন্ত্রাসবাদীক ধন যােগানৰ অভিযােগত বিজেপি নেতা নিৰঞ্জন হােজাইক জাৱজ্জীবন কাৰাদণ্ড বিহিছিল। এওঁ চৰকাৰী ৰাজকোষ এহেজাৰ কোটিৰ বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ কথাও প্রমাণ হৈছিল আৰু এই চৰকাৰী ধন এটা সন্ত্রাসবাদী সংগঠনক যােগান ধৰাৰ কথাও পােহৰলৈ আহিছিল। এই ধন অবৈধ অস্ত্র ক্রয়ৰ বাবে সন্ত্রাসবাদীক যােগান ধৰা হৈছিল আৰু সেই অস্ত্র দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল। আনকি ক্ষমতা দখলৰ স্বাৰ্থত সকলে জানিবুজিও বিজে লপিয়ে শ্রীনগৰ পৌৰ নিৰ্বাচনত ৩৩ নং বাৰ্ডৰ পৰা কুখ্যাত সন্ত্রাসবাদী মাছুন আজহাৰৰ সম্পৰ্কীয় মহম্মদ ফাৰুক খানক প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় মনােনয়ন প্রদান কৰিছিল। উল্লেখযােগ্য যে মহম্মদ ফাৰুক খান জম্মু কাশ্মীৰ লিবাৰেচন ফ্রণ্ট আৰু ‘হৰকং-উল-মুজাহিদিন’ৰ সদস্য আছিল বুলিও তেওঁ অভিযোগ কৰে।
লগতে পঢ়ক – কল ভৰ্তি ট্ৰাকৰ পৰা জব্দ চেগুন কাঠ
উল্লেখ্য যে ১৯৯৯ চনত কান্দাহাৰ বিমান অপহৰণৰ কালতে কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰক বিজেপিয়ে নিজৰ দুতলীয়া চৰিত্র প্রকাশ কৰি মুকলি কৰি দিছিল। যিজন কুখ্যাত সন্ত্রাসবাদীয়ে পৰৱৰ্তী কালত কেইবাটাও ভয়ংকৰ সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰিছিল। এইজন কুখ্যাত সন্ত্রাসবাদীয়েই পৰৱৰ্তী কালত ‘জেইছইহম্মদ সন্ত্রাসবাদী গােটটো গঠন কৰিছিল যিটোৱে ২০০১ চনত ভাৰতৰ সংসদ ভৱন আক্ৰমণ আৰু ২০০৮ চনত মুম্বাইৰ ভয়ানক সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰিছিল। ২০১৯ চনত আৰ ডি এক্সকে ধৰি ২০০ কিলােগ্রাম উচ্চক্ষমতাসম্পন্ন বিস্ফোৰকসহ কেইবাটাও তালাচী চকী হেলাৰ পাৰ হৈ এই সন্ত্রাসবাদী গােটেই পুলৱামাৰ আক্ৰমণ সংঘটিত কৰি ৪৪ জন চি আৰ পি এফৰ জোৱানক হত্যা কৰিছিল। কিন্তু দুর্ভাগ্যৰ কথা যে আজিলৈকে পুলৱামৰ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰা নহ’ল। ইয়াৰ ৰহস্য কি বুলি প্ৰশ্ন উত্থাপন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনে।