নিউজ ডেস্ক – অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিতে ‘Adipurush’ চিনেমাখনৰ ওপৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা জাৰি কৰাৰ দাবী জনাইছে। লগতে অভিযোগ কৰিছে যে চিনেমাখনে দেৱতাসকলক ভুলকৈ চিত্ৰায়ণ কৰিছে। মন্দিৰৰ মুখ্য পুৰোহিত সতীন্দ্ৰ দাসে কয় যে, “ৰাৱণৰ চৰিত্ৰটো যিধৰণে দেখুওৱা হৈছে সেয়া সম্পূৰ্ণ ভুল আৰু নিন্দনীয়। আমি ছবিখনৰ ওপৰত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছো।”
তেওঁ আৰু কয় যে, “মহাকাব্যখনত উল্লেখ কৰা অনুসৰি অদিপুৰুষত ভগৱান ৰাম আৰু হনুমানকো ভালদৰে প্ৰদৰ্শন কৰা হোৱা নাই আৰু যি মৰ্যাদাৰ বিপৰীতে যোৱা পৰিলক্ষিত হৈছে।”
উল্লেখ্য যে, দেওবাৰে ইয়াৰ ১.৪৬ মিনিটৰ টিজাৰ মুকলি হোৱাৰ পিছৰে পৰা চিনেমাখনে ভাল-বেয়া বহুতো প্ৰতিক্ৰিয়া লাভ কৰি আহিছে। য’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা দাক্ষিণাত্যৰ তাৰকা প্ৰভাসৰ লগত ৰামায়ণৰ বৃহৎ বাজেটৰ অভিযোজনত চৈফ আলী খানে লঙ্কাৰ ৰজা দহটা মুৰ থকা ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিছে।
দীঘল দাড়ি, ভয়ংকৰ চকু আৰু চেলাউৰি কটা, এই ৰাৱণৰ চৰিত্ৰটো সকলোৱে ইছলামীকৰণ কৰিছে বুলি মন্তব্য প্ৰদান কৰিছে। লগতে, দাড়ি থকা, গোঁফ নোহোৱা আৰু চামৰা পিন্ধা হনুমানৰ চিত্ৰায়নেও ব্যাপক সমালোচনাৰ সমূখীন হৈছে।