দেওবাৰে শিৱসাগৰত অনুস্থিত যুৱদল প্ৰেক্ষাগৃহত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি এটা পৰ্যটনক্ষেত্ৰ আৰু বিভিন্ন সা -সুবিধা থকা ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা কথা উল্লেখ কৰে । ইতিমধ্যে তেওঁ জনাই যে, ৮৩ বিঘা ভূমি অধিগ্ৰহণ কৰি নক্সা তৈয়াৰ কৰা হৈছে। এই কথা তেওঁ বিশিষ্ট নাগৰিক, জাতীয় সংগঠনৰ প্ৰতিনিধি বৰ্গৰে হোৱা আলোচনাৰ অন্তত উল্লেখ কৰে । লগতে এই কথাও জনাই যে, বিশিষ্ট নাগৰিকসকলে আগবঢ়োৱা পৰামৰ্শসমূহ চালি–জাৰি চোৱাৰ পিছতহে সকলো চূড়ান্ত কৰা হ’ব।
তদুপৰি প্ৰকল্পটোৰ সন্দৰ্ভত মূখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে যে “প্ৰকল্পটোত ৫ হাজাৰ লোকে একেলগে বহি বিহু চাব পৰাকৈ এম পি থিয়েটাৰ হ’ব। ২ হাজাৰ লোক বহিব পৰা এম পি থিয়েটাৰ হ’ব। ১০ হাজাৰ বিঘা মাটিত নিৰ্মাণ কৰা হব এটা পুখুৰী । আধুনিক আৰু পৰম্পৰাগত খাদ্য সম্ভাৰেৰে এখন গাঁও নিৰ্মাণৰো ঘোষণা কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে । লগতে পৰম্পৰাগত সাজ–পাৰ প্ৰদৰ্শনৰ ব্যৱস্থাও থাকিব। অহা বিত্তীয় বৰ্ষৰ পৰাই এই ঘোষণাসমূহ কাৰ্যকৰী তথা ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব বুলিও জনাইছে মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, অহা দুমাহৰ ভিতৰত শিৱসাগৰৰ টাই যাদুঘৰ উন্নত কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ৰংঘৰ পৰিষ্কাৰকৰণত বিভিন্নধৰণৰ বিসংগতি হোৱা বুলি উত্থাপন কৰা অভিযোগৰ তদন্ত জিলা উপায়ুক্তক কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অনুস্থানটোত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু, মন্ত্ৰী অশোক সিংঘাল, বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।