কোকৰাঝাৰ : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। ধর্ষণৰ অভিযুক্ত আফুৰুদ্দিন ইছলাম আৰক্ষীৰ গুলীত আহত। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। এগৰাকী নাবালিকাৰ ধর্ষণকাণ্ডৰ অভিযুক্ত আছিল আফুৰুদ্দিন ইছলাম।

কিছুদিন পূৰ্বে কোকৰাঝাৰ জিলাত সংঘটিত হৈছিল এক জঘন্য ধর্ষণকাণ্ড। কোকৰাঝাৰৰ চালাকাটিত এগৰাকী ১৬ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা কৰা হৈছিল। এই ধর্ষণকাণ্ডৰ মূল অভিযুক্ত আছিল আফুৰুদ্দিন ইছলাম। ধর্ষণকাণ্ড ঘটনা আফুৰুদ্দিন ইছলামে নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰাৰো অভিযোগ উত্থাপন হৈছিল।

অভিযুক্ত আফুৰুদ্দিন ইছলামে নিজৰ মোবাইল ফোনটো চাহ বাগিচাত লুকুৱাই ৰাখিছিল। আৰক্ষীয়ে বুধবাৰে নিশাৰ ভাগত অভিযুক্ত আফুৰুদ্দিন ইছলামক লগত লৈ মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ গৈছিল। সেই সময়তে আফুৰুদ্দিন ইছলামে আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আফুৰুদ্দিন ইছলামৰ ভৰিত গুলী চালনা কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক –  নগাঁৱত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

আৰক্ষীৰ গুলীত আহত আফুৰুদ্দিন ইছলামক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চালাকাটি এগৰাকী ১৬ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল তিনিজনকৈ যুৱকে। ইতিমধ্যে আৰক্ষীয়ে তিনিওজন অভিযুক্তক আটক কৰিছে। নাবালিকা গৰাকী দোকানলৈ যোৱাৰ সময়ত তিনি অভিযুক্তই নাবালিকা গৰাকীক মুখত খোপা দি ধর্ষণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply