গুৱাহাটী : এটাৰ পিছত আনটো ধর্ষণকাণ্ড। মহানগৰী গুৱাহাটীত পুনৰ এক ধর্ষণকাণ্ডৰ ঘটনা। এইবাৰ বশিষ্ঠত এক ধর্ষণকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
যোৱা ১ মে’ত মহানগৰী গুৱাহাটীৰ বশিষ্ঠত এক জঘন্য ধর্ষণকাণ্ড সংঘটিত হৈছে। এগৰাকী ১৪ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হৈছে বশিষ্ঠত।
বশিষ্ঠ মন্দিৰৰ সমীপত থকা এখন গাৰ্লছ হোষ্টেলত কিশোৰী গৰাকীক ধর্ষণ কৰা বুলি জানিব পৰা গৈছে। ১ মে’ৰ দিনা গাৰ্লছ হোষ্টেলখনৰ ভিতৰত সুৰাৰ পাৰ্টীৰ পিছত কিশোৰী গৰাকীক এজন যুৱকে ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
লগতে পঢ়ক – স্বচ্ছ অভিযান: হাতত ঝাড়ু লৈ ওলাই আহিল শতাধিক মহিলা
বিচু বৰ্মন নামৰ এজন যুৱকে এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰী গৰাকীয়ে। কিশোৰী গৰাকীৰ ঘৰ কামৰূপ জিলাৰ হাজোৰ ৰামদিয়াত বুলি জানিব পৰা গৈছে।