নিউজ ডেস্ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। এইবাৰ তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে যুক্তৰাষ্ট্ৰৰ এগৰাকী সাংবাদিক তথা বিশিষ্ট প্ৰবন্ধকাৰে।

পৰ্ণতাৰকা ষ্টৰ্মি ডানিয়েলে উত্থাপন কৰা অভিযোগ প্ৰমাণ হোৱাত ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰি জামিনত মুক্তি দিয়া হৈছিল। অৱশ্যে তেওঁক প্ৰতীকি ভাৱেহে গ্ৰেপ্তাৰ কৰা হৈছিল। সেই বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা ধৰ্ষণৰ অভিযোগে পুনৰ বিপদ কঢ়িয়াই আনিছে। সম্প্ৰতি মাৰ্কিন আদালতত এই বিষয়টোৰ শুনানি আৰম্ভ হৈছে।

অভিযোগ অনুসৰি, ধৰ্ষণৰ পিছত ট্ৰাম্পে তেওঁক উপহাসো কৰিছিল। ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰা মহিলাগৰাকী যুক্তৰাষ্ট্ৰৰ বিশিষ্ট সাংবাদিক তথা প্ৰবন্ধকাৰ ই জিন ক্যাৰল। ৭৯ বছৰীয়া ক্যাৰলে দাবী কৰিছে যে নব্বৈ দশকৰ মাজৰ ভাগত এটা শ্বপিং মলত তেওঁক ট্ৰাম্পে যৌন নিৰ্যাতন চলাইছিল। শ্বপিং মলৰ ট্ৰায়েল ৰুমত তেওঁক ধৰ্ষণ কৰিছিল ট্ৰাম্পে।

২০১৯ চনত নিউয়ৰ্কৰ এখন সংবাদ পত্ৰত প্ৰথমবাৰৰ বাবে মুখ খুলিছিল ক্যাৰলে। তেওঁ কয় যে ট্ৰাম্পৰ আৰ্থিক স্থিতি আৰু সামাজিক ক্ষমতাৰ ভয়তেই ইমানদিনে তেওঁ মুখ বন্ধ কৰি ৰাখিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply