নিউজ ডেস্কঃ আজি মুক্তি পাবনে ৰবি শৰ্মাৰ অভিনীত নতুন অসমীয়া ছবি “শ্ৰী ৰঘুপতি”। বৃহস্পতিবাৰে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে ছবিখনক অনিদিষ্টকাললৈ মুক্তিক নিষেধাজ্ঞা আৰোপ কৰিছিল। ছবিখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তিৰ উলংঘা হোৱা বুলি উল্লেখ কৰি তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই গোচৰ তৰিছিল। গোচৰটোৰ শুনানিৰ শেষত ছবিগৃহত মুক্তিৰ বাবে আদালতে নিষেধাজ্ঞা আৰোপ কৰে।
আদালতৰ এই নিষেধাজ্ঞাৰ আৰোপ কৰাৰ মাজতো ছবিখন বৃহস্পতিবাৰে অনুৰাধা চিনেপ্লেক্সত প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়। প্ৰিমিয়াৰ শ্ব’ত অসমীয়া ছবিজগতৰ বহুতো অভিনেতা-অভিনেত্ৰী লগতে গণ-মন্য লোক উপস্থিত থাকে।

প্ৰিমিয়াৰ শ্ব’ৰ পিছত অভিনেতা ৰবি শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, “মোৰ চিনেমাৰ স্ক্ৰীপ্টৰ কপিৰাইট মই এতিয়ালৈকে আমাৰ প্ৰযোজককেই দিয়া নাই, মোৰ হাতত আছে কপিৰাইট। মই চিনেমাখনৰ মোৰ হাতত কপিৰাইট ৰাখিবলৈ স্ক্ৰীপ্টখন ভালদৰে পেক কৰি ৰেজিষ্টাৰ পোষ্টট নিজকে নিজেই পোষ্ট কৰি থৈছো”।
লগতে তেওঁ ছবিখন আজি ১০০ শতাংশই ছবিগৃহত মুক্তি পাব বুলিও কয়। যদি চিনেমাখনৰ এটা শ্ব’য়ো উক্ত নিষেধাজ্ঞাৰ বাবে বাতিল হয় তেন্তে ৰবি শৰ্মাই মানহানি গোচৰ তৰিব বুলিও জানিবলৈ দিয়ে। আজি পুৱাই ন্যায়ালয়ৰ ওচৰত দৰাস্থ হোৱাৰ কথাও জানিবলৈ দিয়ে। নিষেধাজ্ঞা আঁতৰাবলৈ সকলো প্ৰমাণ দাখিল কৰিব বুলি ৰবি শৰ্মাই কয়।
উল্লেখ্য যে, মূল চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মাৰ এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। প্ৰযোজনা কৰিছে শৈলেন কুমাৰ শৰ্মাই। অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা) ও ছবিখনত অভিনয় কৰাৰ লগতে ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীকো দেখা পোৱা যাব। ‘ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিব দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে। সুদীৰ্ঘ ১৭ টা বছৰ পিছত অভিনয় জগতৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত দৰ্শকে দেখিবলৈ পাব।
লগতে পঢ়ক – মুকলি হ’ল ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি