নিউজ ডেস্ক- আজি মুক্তি লাভ নকৰে ৰবি শৰ্মাৰ ‘শ্ৰীৰঘুপতিয়ে।’ সোমবাৰৰ পাছতহে সিদ্ধান্ত হ’ব মুক্তিৰ দিন।
জানিব পৰা মতে, নিম্ন আদালতে ১৫ জুলাইৰ সময়সীমা বান্ধি দিছিল। সোমবাৰে উক্ত গোচৰৰ অন্তিম শুনানী। উচ্চ ন্যয়লয়ৰ দাৰস্থ প্ৰযোজক শৈলেন শৰ্মা।
উল্লেখ্য যে, ছবিখনৰ পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ বাবে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ সত্ৰ ন্যায়াধীশত গোচৰ তৰিছিল।
ইতিমধ্যেই বহু ছবিগৃহত চিনেমা খনৰ অনলাইন টিকট বিক্ৰী কৰা হৈছে। এনে সময়ত ছবিখনৰ মুক্তি নিষেধাজ্ঞাত নিশ্চয় ছবি প্ৰেমীৰ বাবে দুখ বতৰা লৈ আহিছে।
আনহাতে, ৰঘুপতিৰ চিনেমাখনৰ লগত জড়িত ব্যক্তিসকলে জনোৱা অনুসৰি আজি মুক্তিলাভ কৰিব নে নকৰে সেই বিষয়ে তেওঁলোকো নিশ্চিত নহয়।