নিউজ ডেস্ক-  নগাঁওৰ একাংশ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল বহুতো দুৰ্নীতিৰ অভিযোগ। আৰক্ষী এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই নগাঁৱৰ একাংশ আৰক্ষী বিষয়াৰ নেক্সাছ চৰ্চালৈ আহিছিল। আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ হোৱাৰ পিছতেই নতুনকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লোৱা নৱনীত মহন্তই নগাঁৱক অপৰাধ মুক্ত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এইবাৰ নগাঁৱৰ আৰক্ষীত পুনৰ কৰা হৈছে ৰদ-বদল। এক নিৰ্দেশযোগে এইবাৰ নগাঁৱৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া পৰ্যায়ত কৰা হৈছে ৰদ-বদল। নিৰ্দেশ অনুসৰি জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাক কামপুৰলৈ বদলি, উলুৱনীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক খাটোৱাল আৰক্ষী থানালৈ, ধিং আৰক্ষী থানাৰ অ’ চি ৰাজা ইৰ্শ্বাদক কচুৱা থানালৈ বদলি কৰা হৈছে।

আনহাতে, চামগুৰিৰ অ’ চি অদিথ বড়োক ধিং থানালৈ বদলি, বাগৰিৰ আই চি অজিত সোণোৱালক ইটাচালিলৈ আৰু জাজৰিৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক উলুৱনী থানালৈ বদলি কৰা হৈছে। লগতে জুৰিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনিক জখলাবন্ধা থানালৈ বদলি আনহাতে ননৈৰ আই চি বিভূতি থাপাক মৰিকলঙলৈ বদলি কৰা হৈছে।

লগতে, বেবেজিয়াৰ আই চি চিৰঞ্জীৱ লাহনক বাগৰিলৈ বদলি, ৰূপহীহাটৰ ফিৰোজ দলেক লাওখোৱা চাপৰিলৈ বদলি আৰু ৰহাৰ অ’ চি সম্প্ৰীতি হাজৰিকাক জাজৰি থানালৈ বদলি কৰা হৈছে। কামপুৰৰ অ’ চি মণিৰাম কলিতাক ৰহা থানালৈ বদলি, লাওখোৱা চাপৰিৰ মিতু দাসক জুৰীয়া থানালৈ বদলি কৰা হৈছে।

উল্লেখ্য যে, এছ আই জোনমণিৰ ৰাভাৰ মৃত্যুৰ পাছৰে পৰা নগাঁও আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ পৰা কনিষ্টবল পৰ্যায়লৈ ধাৰাবাহিকভাৱে কৰা হৈছে ৰদ-বদল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply