নিউজ ডেস্ক: স্মাৰ্টফোন শাখাৰ বাবে বলীউডৰ তাৰকা শ্বাহৰুখ খানক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে ৰিয়েলমিয়ে। চীনা প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বিশ্বাস কৰে যে এছ আৰ কে বা ‘কিং খান’য়ে সঁচাকৈয়ে তেওঁৰ উল্লেখযোগ্য যাত্ৰা আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ সৈতে ৰিয়েলমি ব্যৱহাৰকাৰীসকলক এক লিপ-ফৰৱাৰ্ড অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ৰিয়েলমিৰ প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰিব। শ্বাহৰুখ খানে ব্ৰেণ্ডটোৰ বাবে ৰিয়েলমি ১১ ছিৰিজক অনুমোদন কৰিব।

কোম্পানীটোৱে লগতে কয় যে এছ আৰ কেৰ সৈতে যোগদান কৰি “আজিৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু উচ্চাকাংক্ষাক অনুপ্ৰাণিত কৰিব লগতে ষ্টাইলিছ আৰু যুৱমুখী স্মাৰ্টফোন প্ৰদানৰ ওপৰত নিজৰ মনোযোগ প্ৰদৰ্শন কৰিব।”

ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ সময়ত শ্বাহৰুখ খানে কয় যে “ৰিয়েলমিৰ ‘ডেয়াৰ টু লিপ’ দৰ্শনে মোৰ মনত সঁচাকৈয়ে অনুৰণন ঘটাইছে। সীমাবদ্ধতা ঠেলি দিয়াৰ বাবে ব্ৰেণ্ডটোৰ অটল প্ৰতিশ্ৰুতি মোৰ নিজৰ উৎকৃষ্টতাৰ সাধনাৰ সৈতে নিখুঁতভাৱে মিলি যায়। মই ৰিয়েলিম পৰিয়ালত তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে যোগদান কৰিবলৈ আগ্ৰহী আৰু আনকো প্ৰত্যাহ্বান আকোৱালি ল’বলৈ, সাহসী পদক্ষেপ ল’বলৈ, আৰু মহানতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আশা কৰিছো।”

ৰিয়েলম ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া টাওৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, “ৰিয়েলমি স্মাৰ্টফোন শিতানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে শ্বাহৰুখ খানক বোৰ্ডত লৈ আমি অত্যন্ত উৎসাহিত হৈছো। তেওঁৰ ডেয়াৰ-টু-লিপ স্পিৰিট আমাৰ ব্ৰেণ্ডৰ দৰ্শনৰ সৈতে নিখুঁতভাৱে অনুৰণিত। এই সহযোগিতাৰ জৰিয়তে আমি উদ্ভাৱনৰ নতুন উচ্চতাত উপনীত হোৱা আৰু আমাৰ ব্যৱহাৰকাৰীসকলৰ বাবে স্মাৰ্টফোন অভিজ্ঞতাক পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য ৰাখিছো।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply