নিউজ ডেস্ক- আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ ওপৰত আধাৰিত। এই কথা তেওঁ চিডনীৰ কুডছ বেংক এৰেনাত আয়োজিত এক অনুষ্ঠানত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি উল্লেখ কৰে।

প্ৰধানমন্ত্রী মোদীয়ে ভাষণত কয় যে ইয়ালৈ আহি বিদেশী ভাৰতীয়সকলৰ সৈতে সংযোগ স্থাপন কৰাটো অত্যন্ত আনন্দৰ বিষয়। তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবানিজকো সম্প্ৰদায়ৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

২০১৪ চনৰ ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “যেতিয়া মই ২০১৪ চনত ইয়ালৈ আহিছিলো,  মই আপোনাক প্রতিশ্রুতি দিছিলো যে আপুনি এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে ২৮ বছৰ অপেক্ষা কৰিব নালাগিব। গতিকে, মই আকৌ এবাৰ ইয়ালৈ আহিছোঁ৷ ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত আধাৰিত।”

তেওঁ লগতে চিড়নীৰ উপনগৰ ‘লিটল ইণ্ডিয়া’ৰ আধাৰশিলা উন্মোচনত তেওঁৰ সমৰ্থনৰ বাবে তেওঁৰ অষ্ট্ৰেলিয়াৰ সমকক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply