নিউজ ডেস্ক: আজি এক সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্লব বৰুৱাই কয় যে অহা মে মাহৰ ৩ তাৰিখে তৃতীয় বৰ্গৰ ফলাফল আৰু মে মাহৰ ৪ তাৰিখে চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষনা কৰা হ’ব।
সকলো পৰীক্ষাৰ্থীয়ে ছেবাৰ ৱেবচাইডৰ জৰিয়তে ফলাফলসমুহ চাব পাৰিব। আনহাতে তেওঁ উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ দুবছৰ বৰ্ষপুতি উপলক্ষে ১১ মে’ত ৫০ হাজাৰ যুৱক-যুৱতীক এই নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। নিযুক্তি পত্ৰ প্ৰদান কৰা পাছতে জুন মাহৰ ১ তাৰিখৰ পৰা নিযুক্তি পোৱা সকলে নিজ নিজ বিভাগত যোগদান কৰিব পাৰিব।
১১ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ উপস্থিতিত দিয়া হ’ব এই নিযুক্তি পত্ৰ।