নিউজ ডেস্কঃ আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ন বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই সন্দৰ্ভত ঘোষণা কৰে।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি অনলাইনযোগে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। ahsec.assam.gov.in, http:/www.indiaresults.com/, https:/assamjobalerts.com/, iresults.net, exametc.com, https:/www.assamresult.co.in/, https:/www.results.shiksha/, https:/www.assamresult.in/, iresults.in এইকেইটা ৱেবচাইটত শিক্ষাৰ্থীসকলে চাব পাৰিব ফলাফল।
এইবাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত মুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
এইবাৰৰ কলা শাখাত ২ লাখ ৭২ হাজাৰ ৫২৯, বিজ্ঞান শাখাত ৪৭ হাজাৰ ৪৬৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।