নিউজ ডেস্ক: ৰাজ্যৰ নিবনুৱাসকলৰ বাবে পুনৰ ভাল খবৰ। আজি পুনৰ ঘোষণা কৰা হ’ব মুঠ ৫,৭৩০ টা পদৰ ফলাফল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা টুইট কৰি জানিবলৈ দিয়ে। অলপতে অনুষ্ঠিত হৈ যোৱা গৃহ, আবকাৰী, বন বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা কৰা হ’ব।

দিনৰ ১১ বজাৰ লগে লগেই ঘোষণা কৰিব এই ফলাফলসমূহ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিমধ্যেই ৩ মে’ত ১১,৩২৪ টা তৃতীয় বৰ্গৰ পদ, ৪ মে’ত ১৪,২৮৬ টা চতুৰ্থ বৰ্গৰ পদ ঘোষণা কৰিছে।

ইফালে, চৰকাৰে ৬ মে’ত তৃতীয় বৰ্গৰ সকলো বাচনিকৃত প্ৰাৰ্থী বিভাগসমূহ ঘোষণা কৰিছে। আনহাতে বাকী থকা চতুৰ্থবৰ্গৰ বাচনিকৃত প্ৰাৰ্থীৰ বিভাগৰ তালিকা ৯মে’ত ঘোষণা কৰিব। লগতে, দুয়োটা বিভাগৰ নিযুক্তি জিলা সমূহৰ নাম ৯ মে’তেই ঘোষণা কৰিব।

ৰাজ্য চৰকাৰে ইতিমধ্যেই অৱগতক কৰিছে , বাচনিকৃত মহিলা আৰু বিশেষ ভাৱে সক্ষম লোকক নিজ গৃহ জিলাতেই নিযুক্তি প্ৰদান কৰিব। বাকী প্ৰাৰ্থীসকলক নিজা জিলা নতুবা নিকতৱৰ্তী জিলাত নিযুক্তি দিয়া হ’ব।

অহা ১১ মে’ত সৰুসজাই গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সকলো বাচনিকৃত প্ৰাৰ্থীক নিযুক্তি পত্ৰ পৰ্দান কৰিব।

লগতে পঢ়ক – গ’ল্ডেন বয় নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply