গুৱাহাটী – অসম পুলিচক অধিক সক্ষম, সষ্টম আৰু শাৰীৰিকভাৱে অধিক দক্ষ কৰি তুলিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত মেজৰ আৰু কৰ্নেলক নিযুক্তি দিয়া হ’ব৷
কেবিনেটে জনোৱা অনুমোদন অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ বিষয়াসকলে বেটেলিয়নসমূহত প্ৰশিক্ষণ দিব৷ নিযুক্তি পাবলগীয়া অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰিব৷ এই অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলক অতিৰিক্ত আৰক্ষী অধীক্ষক [ প্ৰশিক্ষণ] হিচাপে নিযুক্তি দিয়া হ’ব আৰু তেওঁলোকে প্ৰশিক্ষণৰ সবিশেষ বিশেষ ডি আই জিক জনাব৷
কালি কেবিনেট বৈঠকত গ্ৰহণ কৰা এলানি সিদ্ধান্তৰ কথা ঘোষণা কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে ৰাজ্যত বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰ সংযোগ কৰিলেও পুৰণা মিটাৰবোৰো বাহাল থাকিব। উল্লেখ্য যে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত বিদ্যুতৰ অত্যধিক বিলৰ বাবে গ্ৰাহক ৰাইজ অসন্তুষ্ট হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখিকেবিনেটে পুৰণি মিটাৰকো এমাহৰ বাবে বাহাল ৰাখিবলৈ বাধ্য হৈ পৰিল৷
এতিয়াৰে পৰা স্মাৰ্ট মিটাৰ সংস্থাপন কৰিলেও পুৰণি মিটাৰটোও বাহাল থাকিব৷ মিটাৰ ৰিডিং একে হ’লেহে পুৰণি মিটাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে [এ পি ডি চি এল] উঠাই আনিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেলত কয় যে বৰ্তমানে এ পি ডি চি এলে পাইলট প্ৰজেক্ট হিচাপে স্মাৰ্ট মিটাৰ সংযোগৰ কাম কৰি আছে৷ বিদ্যুৎ গ্ৰাহকৰ ঘৰত তিনি বছৰত ৫৮ লাখ স্মাৰ্ট মিটাৰ সংযোগ কৰিব৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৪,৫৩৬.৭৯ কোটি টকা৷
স্মাৰ্ট মিটাৰৰ ফলত মানুহৰ অসুবিধা হোৱা বুলি জনাৰ পাছত আজিৰ কেবিনেটে স্মাৰ্ট মিটাৰ সংযোগ কৰিলেও পুৰণি মিটাৰটোকো বাহাল ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়৷ মিটাৰ ৰিডিঙৰ ব্যৱধান উলিয়াবলৈ এই ব্যৱস্থা লোৱা হৈছে৷ মিটাৰ ৰিডিং একে হ’লেহে পুৰণি মিটাৰটো এ পি ডি চি এলে উঠাই আনিব৷
মন্ত্ৰী হাজৰিকাই আৰু কয় যে নামনি অসমত তিনিটা পাৱাৰ গ্ৰীড স্থাপন কৰিবলৈ কেবিনেটে প্ৰশাসনিক অনুমোদনত সংশোধনী ঘটাইছে৷ শক্তি বিতৰণৰ সুবিধাৰ বাবে এই পাৱাৰ গ্ৰীডকেইটা হাটশিঙিমাৰী, ছালাকাটি আৰু বৰপেটাত স্থাপন কৰা হ’ব৷
ইফালে শক্তি খণ্ডৰ ২০২০-২১ চনৰ লোকচানৰ পৰিমাণ ১৮.৫ শতাংশৰ পৰা ২০২৪-২৫ চনৰ ভিতৰত ১৩.৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি মন্ত্ৰী হাজৰিকাই কয় যে অসম লোকসেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়াসকলে সময়মতে পদোন্নতিৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছিল৷ কেবিনেটে তেওঁলোকৰ পদোন্নতি আই এ এছ আৰু আই পি এছ বিষয়াসকলৰ পদ্ধতিৰে পদোন্নতি দিয়াত অনুমোদন জনাইছে৷
তথ্য আৰু জনসংযোগ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী হাজৰিকাই কয় যে বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী এইবাৰ নতুন দিল্লীতো আয়োজন কৰা হৈছে৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়াকৈ এইবাৰ লাচিত দিৱস অনুষ্ঠিত হ’ব৷ ২৩ নৱেম্বৰৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ২৪ নৱেম্বৰৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব৷
দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলৰ লগতে দিল্লীত থকা অসমৰ লোকসকলক আমন্ত্ৰণ জনোৱা হ’ব৷ তদুপৰি অসমৰ পৰা বুৰঞ্জীৰ ছাত্ৰ-ছাত্ৰী, আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক দিল্লীলৈ আমন্ত্ৰণ জনোৱা হ’ব৷
মন্ত্ৰী হাজৰিকাই কয় যে দিল্লীৰ কাৰ্যসূচীত দুখন আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ লগতে লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ’ব৷ দিল্লীৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে যদিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন এপেক্স কমিটী গঠন কৰা হৈছে৷
এই কমিটীত মন্ত্ৰীসভাৰ সদস্যসকল থকাৰ উপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, বিধায়ক কৰিমউদ্দিন বৰভূঞা, আমিনুল ইছলামৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো শীৰ্ষ বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে৷ লাচিত দিৱসৰ অনুষ্ঠান সফল কৰিবলৈ মন্ত্ৰীসভাৰ সদস্যসকলক দায়িত্ব দি কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰী হাজৰিকাই জানিবলৈ দিয়ে৷