নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘জলজীৱন মিছন’ আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ শেহতীয়া স্থিতি সম্পৰ্কে দেওবাৰে সন্ধিয়া গোগামুখ, ধেমাজিৰ এন.এইছ.পি.চিৰ কনফাৰেন্স হলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত ধেমাজি, উঃ লখিমপুৰ আৰু ঘিলামৰা পি.এইছ.ই. ডিভিজনৰ বিষয়াবর্গৰ সকল সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত FHTC সংযোগত অগ্রগতি, বিদ্যালয় আৰু AWC-ত উপলব্ধতা, ‘ৱাটাৰ ইউজার্ছ কমিটি’লৈ হস্তান্তৰকৰণ, জলমিত্রক দায়িত্ব অর্পণ, নতুন আঁচনিসমূহৰ স্থিতি আৰু পানীৰ গুণাগুণ আৰু পৰিমাণ নিৰূপনৰ বিষয়ে আলোচনা কৰাৰ লগতে ফিল্ডত কাম কৰা অভিযন্তা আৰু বিষয়াসকলৰ সমস্যাৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে বুজ লয়।

লগতে, বৈঠকত স্বচ্ছ ভাৰত অভিযান আঁচনিৰো পর্যালোচনা কৰা হয়। ঘৰুৱা শৌচালয়, সুজলম ১.০ আৰু সুজলম ২.০ -ৰ অধীনৰ ছোক পিট, গোবর্দ্ধন আঁচনি, সামূহিক জাৱৰ নিষ্কাষণ ব্যৱস্থাপনা আদিৰ ওপৰত মন্ত্ৰীগৰাকীয়ে বিতংবাৱে আলোচনা কৰে।

ইয়াৰোপৰি, প্রধানমন্ত্রীৰ এই দুই জনহিতকৰ আঁচনি সময়মতে ৰূপায়ন কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ বুলি কয় সময় নির্ধাৰিত ভাবে কাম কৰাটো নিশ্চিত কৰিবলৈ বিষয়াবর্গক উপযুক্ত নির্দেশ প্রদান কৰে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত ইতিমধ্যে ‘জল জীৱন মিছন’ৰ অধীনত অসমৰ গ্রাম্যাঞ্চলৰ ৫০ শতাংশতকৈয়ো অধিক লোকে নলযোগে বিশুদ্ধ খোৱা পানী লাভ কৰিছে। কিন্তু, আমি পণ লৈছোঁ, ২০২৪ চনৰ ভিতৰত অসমৰ গ্রাম্যাঞ্চলৰ প্রতিঘৰ মানুহে এই সুবিধা পাব লাগিব। আমি সকলোৱে এই দিশত আগুৱাই গৈছোঁ।

বৈঠকত ঢকুৱাখনাৰ মাননীয় বিধায়ক নৱকুমাৰ দলে, ধেমাজি জিলাৰ মাননীয় উপায়ুক্ত অংকুৰ ভড়ালী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবর্গ উপস্থিত থাকে।

লগতে পঢ়ক – NMEO-OP আঁচনিৰ অধীনত অসমত তৈল খেজুৰৰ পুলি ৰোপণৰ শুভাৰম্ভণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply